ৰেডিঅ’ From Wikipedia, the free encyclopedia
আকাশবাণী (ইংৰাজী: All India Radio; হিন্দী: आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,[2] প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত। এইটো ভৱনত দূৰদৰ্শনৰ কাৰ্যালয়ো আছে।
![]() | |
প্ৰকাৰ | চৰকাৰী সংস্থা |
---|---|
দেশ | ভাৰতীয় |
উপলব্ধতা | ৰাষ্ট্ৰীয় |
স্থাপন | ভাৰত চৰকাৰৰ দ্বাৰা |
ম'ট' | বহুজন হিতায় বহুজন সুখায়[1] |
মূখ্য কাৰ্যালয় | নতুন দিল্লী, দিল্লী, ভাৰত, |
মালিক | প্ৰচাৰ ভাৰতী |
মুক্তিৰ তাৰিখ | ১৯৩০ |
ৱেবছাইট | www.allindiaradio.org, www.newsonair.nic.in |
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত বোম্বাই কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত কলকাতা কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।[2]
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে আফগানিস্থান, ইৰান আৰু আৰৱীয় দেশসমূহক উদ্দেশি জাৰ্মানীয়ে কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- দিল্লী, বোম্বাই, মাদ্ৰাজ, লক্ষ্ণৌ, কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়। ১৯৫৭ চনৰ ৩ অক্টোৱৰ তাৰিখে ৰেডিঅ' চিলোনৰ (Radio Ceylon) সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিবিধ ভাৰতী সেৱা উন্মোচন কৰা হয়। ১৯৫৯ চনত আকাশবাণীয়ে দিল্লী মহানগৰত দূৰদৰ্শন সেৱা আৰম্ভ কৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলত[3] দূৰদৰ্শন আকাশবাণীৰ পৰা পৃথক হৈ যায়। প্ৰথম এফ এম সেৱা বৰ্তমানৰ চেন্নাইত আৰম্ভ হয় ১৯৭৭ চনৰ ২৩ জুলাইৰ দিনা।[4]
১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান মহীশূৰৰ আকাশবাণী চৌহদৰ পৰা ২০০ গজ আঁতৰত ) দেশৰ প্ৰথমটো ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা সময়তে "আকাশবাণী" শব্দটোৰ উদ্ভাৱন কৰিছিল।[5] ই এটা সংস্কৃত ভাষাৰ আৰু হিন্দু পৌৰাণিক কথাৰ সৈতে জড়িত শব্দ।[6]
Seamless Wikipedia browsing. On steroids.