ভাৰতত চলি থকা ক'ভিড-১৯ ভাইৰেল মহামাৰী From Wikipedia, the free encyclopedia
২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰীৰ প্ৰথম ঘটনা ভাৰতত ৩০ জানুৱাৰী ২০২০ ত হৈছিল, ই চীনৰ পৰা আৰম্ভ হৈছিল। ১৩ এপ্ৰিল ২০২০ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশত মুঠ ৯,১৫২টা সংক্ৰমণ, ৮৫৭জন আৰোগ্য, ১টা প্ৰৱজন আৰু ৩০৮জন মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে।
এই প্ৰৱন্ধত এক শেহতীয়া ঘটনাৱলী নথিকৰণ কৰা হৈছে। ঘটনাৱলীৰ অগ্ৰগতিৰ লগেলগে তথ্যবোৰ সলনি হ'বও পাৰে, আৰু বাতৰিৰ প্ৰাথমিক প্ৰতিবেদন বিশ্বাসযোগ্য নহ'বও পাৰে। এইপ্ৰৱন্ধৰ শেহতীয়া নবীকৰণে একেবাৰে শেহতীয়া তথ্যবোৰ প্ৰতিফলিত নকৰিবও পাৰে। |
ভাৰতত ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰী | |
---|---|
ভাৰতত মহামাৰীৰ মানচিত্ৰ (৪ এপ্ৰিল অনুসৰি) ৫০০+ নিশ্চিত ঘটনা
১০০–৪৯৯ নিশ্চিত ঘটনা
৫০–৯৯ নিশ্চিত ঘটনা
১০–৪৯ নিশ্চিত ঘটনা
১–৯ নিশ্চিত ঘটনা | |
৪ এপ্ৰিল অনুসৰি ভাৰতত ক’ৰ’ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীজনিত মৃত্যুৰ মানচিত্ৰ ১৯–৪৯ মৃত্যুৰ ঘটনা
১–৯ মৃত্যুৰ ঘটনা | |
ৰোগ | COVID-19 |
ভাইৰাছ ষ্ট্ৰেইন | SARS-CoV-2[1] |
অৱস্থিতি | ভাৰত |
প্ৰথম আৰম্ভণি | ৱুহান, হুবেই, চীন[2] |
প্ৰথম ঘটনা | থ্ৰিচ্ছুৰ, কেৰালা[3] |
Arrival date | ৩০ জানুৱাৰী ২০২০ (4 years, 9 months and 4 days)[4] |
নিশ্চিত ৰোগী | ৯,১৫২[5] (including 71 foreign nationals) |
সক্ৰিয় ঘটনা | ৭,৯৮৭[5] |
আৰোগ্য | ৮৫৭[5] (including 1 migrated case) |
মৃত্যু |
৩০৮[5] (including 2 foreign nationals)[6][7] |
ভৌগোলিক এলেকা |
২৫খন ৰাজ্য আৰু ৬টা কেন্দ্ৰীয়শাসিত অঞ্চল[5] (অন্ধ্ৰপ্ৰদেশ ,চণ্ডীগড়, ছত্তিছগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, লাদাখ, মহাৰাষ্ট্ৰ, উৰিষ্যা, পণ্ডিচেৰি, পঞ্জাব, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, পশ্চিমবঙ্গ) |
আনুষ্ঠানিক ৱেবচাইট | |
www |
মহামাৰীটো দিল্লী,[8] হাৰিয়ানা,[9] কৰ্ণাটক,[10] মহাৰাষ্ট্ৰ[11] গুজৰাট,[12] আৰু উত্তৰপ্ৰদেশ[13] ইত্যাদি এক ডজনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত গুৰুতৰ ৰূপ ধাৰণ কৰিছে, সেই অঞ্চলসমূহত মহামাৰী ৰোগ আইন, ১৮৯৭ ৰ বিধানসমূহ আহ্বান কৰা হৈছে। বহু শিক্ষাপ্ৰতিষ্ঠান আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে। বেছিভাগক্ষেত্ৰতে এই ভাইৰাছ সংক্ৰমণ নিশ্চিত হোৱাৰ ঘটনা অন্যান্য দেশৰ সৈতে সংযুক্ত থকাৰ বাবে ভাৰতভত সকলো পৰ্যটন ভিছা স্থগিত ৰখা হৈছে।[14]২৩খন ৰাজ্য আৰু সাতটা কেন্দ্ৰশাসিত অঞ্চল অন্তৰ্ভুক্ত ৫৪৮খন জিলা সম্পূৰ্ণৰূপে লকডাউন বা অৱৰুদ্ধকৰণৰ অধীনত আছে।[15]
২০২০ চনৰ ২২ মাৰ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতত ১৪ ঘণ্টা স্বেচ্ছাসেৱামূলক জনতা সান্ধ্য আইন পালন কৰিছে। যিবোৰ অঞ্চলত ক’ভিড-১৯ সংক্ৰমণ ঘটিছে সেই ৭৫খন জিলাৰ কাষৰ সকলে ডাঙৰ চহৰবোৰতো চৰকাৰে অৱৰুদ্ধকৰণ বা লকডাউন কৰি দিছে।[16][17] পিছত, ২৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে ১৩০ কোটি জনসংখ্যা সমৃদ্ধ সমগ্ৰ ভাৰতে ২১ দিনৰ বাবে লকডাউনৰ নিৰ্দেশ দিয়ে।[18]
বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী পৰিচালক মাইকেল ৰায়ানে কৈছে যে ক’ৰ’ণাভাইৰাছ প্ৰাদুৰ্ভাৱৰ সন্মুখীন হবলৈ ভাৰতৰ "অভাবনীয় ক্ষমতা" আছে আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ হিচাপে বিশ্বত এই ক্ষমতাই বিশাল প্ৰভাৱ পেলাব।[19]
উৎস: MoHFW
ৰাজ্য চৰকাৰসমূহে ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
সংখ্যাবোৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালযৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা হৈছে।
ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল অনুযায়ী ২০২০ বৰ্ষৰ ভাৰতত ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী | |||||
---|---|---|---|---|---|
ক্ৰ.নং. | ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল | মুঠ ঘটনা | মৃত্যু | আৰোগ্য | সক্ৰিয় ঘটনা |
১ | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | ১৮ | ০ | ১১ | ৭ |
২ | অন্ধ্ৰ প্ৰদেশ | ৮১৩ | ২৪ | ১২০ | ৬৬৯ |
৩ | অৰুণাচল প্ৰদেশ | ১ | ০ | ১ | ০ |
৪ | অসম | ৩৫ | ১ | ১৯ | ১৫ |
৫ | বিহাৰ | ১৪৩ | ২ | ৪৬ | ৯৫ |
৬ | চণ্ডিগড় | ২৭ | ০ | ১৪ | ১৩ |
৭ | ছত্তিশগড় | ৩৬ | ০ | ২৬ | ১০ |
৮ | দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ | ০ | ০ | ০ | ০ |
৯ | দিল্লী | ২২৪৮ | ৪৮ | ৭২৪ | ১৪৭৬ |
১০ | গোৱা | ৭ | ০ | ৭ | ০ |
১১ | গুজৰাট | ২৪০৭ | ১০৩ | ১৭৯ | ২১২৫ |
১২ | হাৰিয়ানা | ২৬২ | ৩ | ১৪০ | ১১৯ |
১৩ | হিমাচল প্ৰদেশ | ৪০ | ১ | ১৮ | ২১ |
১৪ | জম্মু আৰু কাস্মীৰ | ৪০৭ | ৫ | ৯২ | ৩১০ |
১৫ | ঝাৰখণ্ড | ৪৯ | ৩ | ৮ | ৩৮ |
১৬ | কৰ্ণাটক | ৪২৭ | ১৭ | ১৩১ | ২৭৯ |
১৭ | কেৰালা | ৪৩৮ | ৩[টোকা 1] | ৩২৩ | ১১২ |
১৮ | লডাখ | ১৮ | ০ | ১৪ | ৪ |
১৯ | লাক্ষাদ্বীপ | ০ | ০ | ০ | ০ |
২০ | মধ্য প্ৰদেশ | ১৫৯২ | ৮০ | ১৪৮ | ১৩৬৪ |
২১ | মহাৰাষ্ট্ৰ | ৫৬৫২ | ২৬৯ | ৭৮৯ | ৪৫৯৪ |
২২ | মণিপুৰ | ২ | ০ | ২ | ০ |
২৩ | মেঘালয় | ১২ | ১ | ০ | ১১ |
২৪ | মিজোৰাম | ১ | ০ | ০ | ১ |
২৫ | নাগালেণ্ড | ০ | ০ | ০ | ০ |
২৬ | ওড়িশা | ৮৩ | ১ | ৩২ | ৫০ |
২৭ | পুডুচেৰী | ৭ | ০ | ৩ | ৪ |
২৮ | পঞ্জাব | ২৫১ | ১৬ | ৪৯ | ১৮৬ |
২৯ | ৰাজস্থান | ১৮৯০ | ২৭ | ২৩০ | ১৬৩৩ |
৩০ | ছিক্কিম | ০ | ০ | ০ | ০ |
৩১ | তামিলনাডু | ১৬২৯ | ১৮ | ৬৬২ | ৯৪৯ |
৩২ | তেলেঙ্গানা | ৯৪৫ | ২৩ | ১৯৪ | ৭২৮ |
৩৩ | ত্ৰিপুৰা | ২ | ০ | ১ | ১ |
৩৪ | উত্তৰ প্ৰদেশ | ১৪৪৯ | ২১ | ১৭৩ | ১২৫৫ |
৩৫ | উত্তৰাখণ্ড | ৪৬ | ০ | ২৩ | ২৩ |
৩৬ | পশ্চিম বংগ | ৪৫৬ | ১৫ | ৭৯ | ৩৬২ |
মুঠ | ২১৩৯৩* | ৬৮১ | ৪২৫৮ | ১৬৪৫৪ | |
*Inclusive of 77 foreign nationals | |||||
As of 3 November 2024[201] |
Semilog plot of the spread of SARS-CoV-2 and of COVID-19 deaths in India. An exponential growth rate of a 16% increase in cases per day is shown.
উৎস: MoHFW
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ১৮ ই মাৰ্চ পৰ্যন্ত, ২৭৬জন ভাৰতীয় বিদেশত ক’ৰ’ণা ভাইৰাছ সংক্ৰামিত হৈছে। ইয়াৰ ভিতৰত বেছিভাগ হৈছে ইৰানত (২৫৫), ইয়াৰোপৰি বাকীবোৰ হৈছে সংযুক্ত আৰব আমিৰাত, ইটালী, কুয়েট, শ্ৰীলঙ্কা, ৰুৱাণ্ডা আৰু হংকঙত।[202]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.