From Wikipedia, the free encyclopedia
শিল কপৌ (ইংৰাজী: Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷
Common Emerald Dove (শিল কপৌ) | |
---|---|
Male at the National Aquarium in Baltimore, USA | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Chalcophaps |
প্ৰজাতি: | C. indica |
বৈজ্ঞানিক নাম | |
Chalcophaps indica (Linnaeus, 1758) |
শিল কপৌৰ দেহটো শকত, মজলীয়া আকাৰৰ আৰু দৈৰ্ঘ্য সাধাৰণতে ২৩-২৮ ছে:মি: হয়৷ দেহৰ পৃষ্ঠদিশ আৰু ডেউকা দুখন উজ্জল সেউজীয়া বৰণৰ হয়৷ নেজ ক’লা চানেকীয়া৷ মূৰ আৰু দেহৰ ওপৰঅংশ গাঢ় গুলপীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ চকুযোৰ গাঢ় মটীয়া আৰু ঠোঁট উজ্জল ৰঙা৷
মতা শিল কপৌৰ ডেউকাত বগা দাগ আৰু মূৰত মুগা বৰণ থাকে, যিটো মাইকী শিল কপৌৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালি শিল কপৌ দেখাত মাইকী কপৌৰ দৰে হয়৷
শিল কপৌৰ যধেষ্ট সংখ্যক উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ তাৰে অষ্ট্ৰেলিয়াত পোৱা তিনিবিধ উপ-প্ৰজাতি হৈছে, longirostris , chrysochlora আৰু natalis৷
এই প্ৰজাতিটো বৰ্ষাৰণ্যসমূহত প্ৰধানকৈ দেখা যায়৷ ই কাঠনি, খেতি-পথাৰ আদিত বসবাস কৰে৷
শিল কপৌক সাধাৰণতে অকলশৰে বা যোৰ পাতি বা কেতিয়াবা সৰু জাকত থকা দেখা যায়৷ ইহঁতে মাটিত সৰা ফল খাই চৰি ফুৰে, কেৱল জিৰণি ল’বৰ বাবেহে গছৰ থকা দেখা যায়৷ শিল কপৌৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি, ফল-মূল আৰু বিভিন্ন উদ্ভিদ৷
শিল কপৌৰ মাত সৰু কোমল কুউ-উ-উ ধৰণৰ ৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.