From Wikipedia, the free encyclopedia
বৰ্ষাৰণ্য (ইংৰাজী: Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়। অধিক বৰষুণৰ বাবে এনে অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্যভূমিত আবৃত কৰি ৰাখে আৰু সেয়ে বৰ্ষাৰণ্যত আৰ্দ্ৰতাৰ পৰিমাণ বেছি হয়। সাধাৰণতে একোখন বৰ্ষাৰণ্যত বছৰি ২৩০ দিন পৰ্যন্ত বৰষুণ হয়। বৰ্ষাৰণ্যৰ পাত, জলীয় বাষ্প আৰু দৈনিক জলচক্ৰৰ প্ৰভাৱত বৰষুণৰ পৰিমাণ বছৰি ৮০ ইঞ্চি বা তাতোকৈ বেছি হয়।[1] বৰ্ষাৰণ্য এখনত বৰষুণৰ সৰ্বোচ্চ পৰিমাণ ৩৫০ ছেণ্টিমিটাৰ। একেদৰে বৰ্ষাৰণ্যত তাপমাত্ৰাৰ সৰ্বোচ্চ পৰিমাণ ৩৫ ডিগ্ৰি আৰু সৰ্বনিম্ন ১ ডিগ্ৰি ছেলছিয়াছ। সমগ্ৰ বিশ্বৰে মুঠ ৮৫ খন দেশত বৰ্ষাৰণ্যৰ উপস্থিতি দেখা গৈছে। বৰ্ষাৰণ্য থকা বিশ্বৰ প্ৰধান কেইটামান অঞ্চল হৈছে আফ্ৰিকা, ইণ্ডোনেছিয়া, দক্ষিণ-পূব এছিয়া, লেটিন আমেৰিকা, জাইৰে আৰু প্ৰশান্ত মহাসাগৰৰ উপদ্বীপবোৰ।[2]
বৰ্ষাৰণ্যৰ উদ্ভিদসমূহৰ তলত দিয়া ধৰণে চাৰিটা প্ৰধান স্তৰ থাকে।[1]
দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা অঞ্চলৰ আমাজন বৰ্ষাৰণ্যখন বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য।
অসমৰ ক্ৰান্তীয় চিৰসেউজ অৰণ্য সমূহ হৈছে-
Seamless Wikipedia browsing. On steroids.