Remove ads
ভাৰতৰ পশ্চিম বংগৰ চহৰ From Wikipedia, the free encyclopedia
দাৰ্জিলিং (ইংৰাজী: Darjeeling) ভাৰতবৰ্ষৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত এখন চহৰ। ই পৰ্য্যটকৰ কেন্দ্ৰস্থল হিচাপে বিশ্ববিখ্যাত। ই চাহ উদ্যোগ আৰু ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ কেন্দ্ৰস্থল, দাৰ্জিলিং হিমালয়ান ৰেলৱে বাবেও খ্যাত। এই চহৰখন মহাভাৰত শ্ৰেণী (Mahabharat Range) আৰু হিমালয়ৰ নিম্নাংশ (Lesser Himalaya)-ত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা হৈছে ৬,৭১০ ফুট (২,০৫০ মিটাৰ)।
১৯ শতিকাৰ মাজ ভাগত যেতিয়া ব্ৰিটিছ সকলে ইয়াত বাস্থ্যনিৱাস (Sanatorium) আৰু সামৰিক গুদামঘৰ (Military Depot) স্থাপন কৰিছিল, তেতিয়াৰপৰাই এই চহৰৰ উৎকৰ্ষ সাধন আৰম্ভ হৈছিল। পৰৱৰ্তী কালত, এই অঞ্চলত ব্যাপক হাৰত চাহ বাগিচা স্থাপন কৰা হৈছিল। ইয়াৰ চাহ উৎপাদনকাৰী সকলে বৈশিষ্ট্যপূৰ্ণ উচ্চ প্ৰজাতিৰ ব্লেক চাহ (Black Tea)-ৰ বিকাশ আৰু নতুন স্ফুটন (Fermenting) পদ্ধতি সৃষ্টি কৰিছিল। ইয়াৰ ফলতেই বৈশিষ্ট্যপূৰ্ণ দাৰ্জিলিঙৰ চাহ এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতিপ্ৰাপ্ত আৰু আটাইতকৈ জনপ্ৰিয় ব্লেক চাহ সমূহৰ মাজত স্থান লাভ কৰিছে।[1] দাৰ্জিলিঙ হিমালয়ান ৰেলৱেয়ে ইয়াক সমভূমিৰ চহৰ সমূহৰ লগত সংযোগ কৰিছে আৰু বৰ্তমান লৈকে ভাৰতবৰ্ষৰ ভাপ-ইঞ্জিন চালিত ৰেলগাড়ীৰ সেৱা আগবঢ়োৱা ঠাইসমূহৰ ভিতৰত ই অন্যতম। দাৰ্জিলিঙত থকা কেইবাখন ব্ৰিটিছ-শৈলীৰ বিদ্যালয়ে, ভাৰতৰ অন্য ঠাইৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ ছাত্ৰ-ছাত্ৰী আকৰ্ষণ কৰে।
১৯৮০ দশকত, দাৰ্জিলিং আৰু নিকটতম কলিমপংগ (Kalimpong) চহৰ গোৰ্খালেণ্ড দাবী আন্দোলনৰ কেন্দ্ৰ আছিল। বৰ্তমানৰ পৃথক গোৰ্খালেণ্ড ৰাজ্য আন্দোলন এই চহৰতেই কেন্দ্ৰিত। সাম্প্ৰতিক কালত, এই চহৰৰ পৰিবেশক লৈ ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ মুখ্য কাৰণ হৈছে প্ৰাকৃতিক সম্পদৰ চাহিদা তথা পৰ্য্যটকৰ সংখ্যা বৃদ্ধি আৰু দুৰ্বল নগৰীকৰণ পৰিকল্পনা।
দাৰ্জিলিঙৰ ইতিহাস বেংগল, ছিক্কিম আৰু নেপালৰ সৈতে একে। ১৯ শতিকাৰ আগ ভাগলৈকে, দাৰ্জিলিঙৰ দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চল সমূহ ঐতিহাসিক ছিক্কিম সাম্ৰাজ্যই নিয়ন্ত্ৰণ কৰিছিল। শিলিগুৰিৰ দাঁতিকাষৰীয়া সমভূমি অঞ্চল সমূহ নেপাল সাম্ৰাজ্যই[2] কেইখনমান গাঁৱৰ লেপচা (Lepcha) আৰু কিৰাটি (Kirati) লোকসকলৰ সৈতে হোৱা নিস্পতিকৰণৰ পাছত অধিকাৰ কৰি আছিল।[3] এতিয়াও জনা যায় যে নেপালে এবাৰ ইয়াৰ সাম্ৰাজ্য তিস্তা নদীলৈকে বিস্তাৰিত কৰিছিল। ১৮২৮ চনত, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা প্ৰতিনিধি দলৰ বিষয়াসকল নেপাল-ছিক্কিম সীমান্তলৈ যোৱাৰ পথত দাৰ্জিলিঙত থাকিছিল। ইয়াৰ পিছত তেওঁলোকে সেই অঞ্চলটোত ব্ৰিটিছ সৈন্যৰ স্বাস্থ্যনিৱাসৰ বাবে উপযুক্ত ঠাই বুলি সিদ্ধান্ত লৈছিল।[4][5]
দাৰ্জিলিঙ হিমালয়ৰ পূৰ্বাঞ্চলৰ বনৰীয়া জীৱ-জন্তুৰ আৱাসস্থলৰ এক ভৌগোলিক অংশ।[6] দাৰ্জিলিঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ উদ্ভিত জগত, ছাল (Sal), অ'ক (Oak), আংশিক-চিৰসেউজ (semi-evergreen), মধ্যমীয়া আৰু আল্পাইন (alpine) বনাঞ্চলৰে গঠিত।[7] ছাল, অ'কৰে গঠিত ঘন চিৰসেউজ বনাঞ্চল চহৰখনৰ চাৰিওকাষে আছে। ইয়াতেই বহুতো বিৰল প্ৰজাতিৰ অৰ্কিড পোৱা যায়। 'লয়ড বটানিকেল গাৰ্ডেন' (Lloyd's Botanical Garden)-য়ে সাধাৰণ আৰু বিৰল প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ আৰু 'পদ্মজা নাইডু হিমালয়ান জুল'জিকেল পাৰ্ক' (Padmaja Naidu Himalayan Zoological Park)-য়ে বিলুপ্তপ্ৰায় হিমালয়ান প্ৰজাতিৰ সংৰক্ষণ তথা প্ৰজননত সহায় কৰে।[8] বৰ্তমান, দাৰ্জিলিঙ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহে নিবনানিকৰণ (Deforestation)-ৰ সন্মুখীন হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে: যান-বাহন বৃদ্ধিৰ ফলত হোৱা বায়ু প্ৰদূষণ তথা গছৰ কাণ্ডৰ চাহিদাৰ বৃদ্ধি।[9]
ইয়াৰ বন্যপ্ৰাণী সমূহ, ৱেষ্ট বেংগল ফৰেষ্ট বিভাগৰ ৱাইল্ড লাইফ ৱিংগৰ দ্বাৰা সুৰক্ষিত।[6] দাৰ্জিলিঙত পোৱা প্ৰাণীকুল সমূহৰ মাজত হৈছে: বিভিন্ন প্ৰজাতিৰ হাঁহ, প্লভাৰ, টিল আৰু গাল। এই বিলাক পৰিভ্ৰমী চৰাই তিব্বতৰ পৰা অহা-যোৱা কৰোঁতে ইয়াত দেখা পোৱা যায়।[10] এই অঞ্চলত পোৱা সৰু স্তন্যপায়ী জন্তুবোৰ হৈছে: চিভেট (Civet), নেউল (Mongoose) আৰু জহামাল (Badger)।[11] নিকটতম 'জলডাপাৰা অভয়াৰণ্য' (Jaldapara Wildlife Sanctuary) আংশিক চিৰসেউজ বনাঞ্চলেৰে গঠিত। এই ঠাইত পোৱা অন্য জীৱবোৰ হৈছে: এশিঙিয়া গঁড়, হাতী, বাঘ, নাহৰফুটুকী বাঘ আৰু হগ হৰিণ। ইয়াত পোৱা চৰাই প্ৰজাতিৰ ভিতৰত বেংগল ফ্ল'ৰিকেন আৰু বগলীয়েই মুখ্য।[6] ২০০৯ চনৰ মতে, ৰঙা পাণ্ডাৰ সংৰক্ষিত কেন্দ্ৰ প্ৰতিষ্ঠাপনৰ বাবে ইয়াত যো-জা চলাই থকা হৈছে।[12]
দাৰ্জিলিং (১৯০১-২০০০)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
গড় উষ্ণতা - উচ্চ °C (°F) | 9.4 | 10.4 | 14.4 | 17.4 (63.3) |
18.5 (65.3) |
19.3 (66.7) |
20.1 (68.2) |
19.6 (67.3) |
19.2 (66.6) |
18 (64) |
14.7 (58.5) |
11.5 (52.7) |
16.04 (60.88) |
গড় উষ্ণতা - নিম্ন °C (°F) | −1.8 (28.8) |
2.3 (36.1) |
6.3 (43.3) |
9.4 (48.9) |
11.5 (52.7) |
13.6 (56.5) |
15.3 (59.5) |
14.2 (57.6) |
12.3 (54.1) |
8.3 (46.9) |
3.3 (37.9) |
0 (32) |
7.89 (46.21) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 19.7 (0.776) |
24.1 (0.949) |
47.7 (1.878) |
115.8 (4.559) |
197.2 (7.764) |
570 (22.44) |
781 (30.75) |
635.3 (25.012) |
437.3 (17.217) |
122.5 (4.823) |
23.5 (0.925) |
7 (0.28) |
3,037 (119.57) |
উৎস: ভাৰতীয় বতৰ বিজ্ঞান বিভাগ[13] |
দাৰ্জিলিংৰ মধ্যমীয়া জলবায়ুৰ পাঁচটা কালত ভগাব পাৰি: বসন্ত কাল, জহকাল, শাৰদীয় কাল, শীতকাল আৰু বৰ্ষাকাল। বাৰ্ষিক সৰ্ব্বোচ্চ গড় উষ্ণতা ১৪.৯° চেলচিয়াছ (৫৮.৮° ফাৰেনহাইট) আৰু সৰ্বনিম্ন গড় উষ্ণতা ৮.৯ চেলচিয়াছ (৪৮.০° ফাৰেনহাইট)।[14] ইয়াৰ মাহিলি গড় উষ্ণতা ৫-১৭° চেলচিয়াছ (৪১-৬৩° ফাৰেনহাইট)।[15] আটাইতকৈ সৰ্বনিম্ন উষ্ণতা হৈছে -৫° চেলচিয়াছ (২৩° ফাৰেনহাইট), ১৯০৫ চনৰ ১১ ফেব্ৰুৱাৰীত।[14] বাৰ্ষিক গড় বৃষ্টিপাত ৩০৯.২ ছেঃমিঃ (১২১.৭ ইঞ্চি) আৰু বাৰ্ষিক গড়ে ১২৬ দিন বৃষ্টিপাত হয়।[14] সৰ্ব্বোচ্চ বৃষ্টিপাত জুলাই মাহত হয়।[15] এই অঞ্চলত হোৱা ঘনীভূত বৃষ্টিপাত, তথা গছ-গছনিৰ ধ্বংসৰ প্ৰকোপত আৰু বিশৃঙ্খল পৰিকল্পনাৰ ফলত ভূমিস্খলন হোৱা দেখা যায়। ফলস্বৰূপে জীৱন তথা সম্পত্তিৰ বহুতো ক্ষতি হয়।[16][17]
চহৰ খনত মুঠ ৫২খন প্ৰাথমিক বিদ্যালয়, ২১খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৪খন মহাবিদ্যালয় আছে।[18] দাৰ্জিলিঙৰ বিদ্যালয় সমূহ ৰাজ্য চৰকাৰ অথবা ব্যক্তিগত আৰু ধৰ্মীয় সংস্থান সমূহে পৰিচালনা কৰে। বিদ্যালয় সমূহ সাধাৰণতে ইংৰাজী আৰু নেপালী মাধ্যমৰ। তথাপি ইয়াত ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু চৰকাৰী ৰাজ্য ভাষা বঙালী শিকোৱা হয়। বিদ্যালয় সমূহ আই. চি. এছ. ই. (ICSE), চি. বি. এছ. ই. (CBSE) অথবা ৱেষ্ট বেংগল বৰ্ড অফ চেকেণ্ডেৰী এডুকেশ্বন (West Bengal Board of Secondary Education) অধীনৰ। শৈক্ষিক সংস্থান যেনে মাউণ্ট হাৰ্মন স্কুল (Mount Hermon School), ছেণ্ট ৰবাৰ্টচ এইচ. এছ. স্কুল (St. Robert's H.S. School), ছেণ্ট যোচেফচ স্কুল (St. Joseph's College, School Dept.), ল'ৰেট' কনভেণ্ট (Loreto Convent) আৰু ছেণ্ট প'লচ স্কুল (St. Paul's School) উন্নত শৈক্ষিক মানদণ্ডৰ কেন্দ্ৰ স্বৰূপে জনাজাত।[19] দাৰ্জিলিঙৰ চাৰিখন মহাবিদ্যালয়ৰ নাম হৈছে: ছেণ্ট যোচেফচ কলেজ (St. Joseph's College), চাউথফিল্ড কলেজ (Southfield College, পূৰ্বৰ ল'ৰেট' কলেজ), দাৰ্জিলিঙ গভৰ্মেণ্ট কলেজ (Darjeeling Government College) আৰু শ্ৰী ৰামাকৃষ্ণ বি. টি. কলেজ (Sri Ramakrishna B.T. College)। এই সকলো মহাবিদ্যালয় শিলিগুৰিৰ ইউনিভাৰ্চিটি অফ নৰ্থ বেংগল (University of North Bengal)-ৰ অধীনত।
দাৰ্জিলিঙৰ অৰ্থনৈতিকৰ দুটা উল্লেখযোগ্য উপাদান হৈছে: পৰ্য্যটন আৰু চাহ উদ্যোগ। দাৰ্জিলিঙৰ কৃষি সহায়ক জলবায়ুৰ কাৰণে দাৰ্জিলিঙৰ চাহৰ এটা বৈশিষ্ট্যপূৰ্ণ প্ৰাকৃতিক গন্ধ আছে। এইটো আন্তঃৰাষ্ট্ৰীয় খ্যাত আৰু এটা ভৌগোলিক নিৰ্দেশক হিচাবে চিহ্নিত কৰা যায়।[1] দাৰ্জিলিঙয়ে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদানৰ প্ৰায় ৭% চাহ উৎপাদান কৰে, বাৰ্ষিক প্ৰায় ৯০,০০,০০০ কিঃগ্ৰাঃ (২,০০,০০,০০০ পাউণ্ড)।[20] বৰ্তমান ইয়াৰ চাহ উদ্যোগে ভাৰতৰ অন্য ৰাজ্য আৰু অন্য দেশ যেনে নেপালৰ সৈতে চাহ উৎপাদনৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হৈছে।[21] শ্ৰমিকৰ তৰ্ক আৰু বাগিচা সমূহ বন্ধ কৰাৰ ফলত অৰ্থ বিনিয়োগ আৰু উৎপাদনত বহুতো ক্ষতি সাধন হৈছে।[22] এই বিষয়ে সকলোকে বহুলভাৱে চিন্তিত কৰি তুলিছে। বহুতো চাহ বাগিচা ৱৰ্কাৰ্চ কো-অপাৰেটিভ মডেল (workers' cooperative model)-ৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ অন্য কিছুমান বাগিচা পৰ্য্যটকৰ আশ্ৰয়স্থল (resort)-লৈ সলনি কৰা হৈছে।[22] চাহ বাগিচাৰ ৬০% ৰো ততোধিক শ্ৰমিক হৈছে মহিলা।[23] চাহৰ বাহিৰে বহুলভাৱে খেতি কৰা শস্য হৈছে: গোমধান, ধান, ইলাচী, আলু আৰু আদা।[24]
দাৰ্জিলিঙ পৰ্য্যটকৰ এটা উল্লেখযোগ্য কেন্দ্ৰস্থললৈ পৰিণত হৈছিল প্ৰায় ১৮৬০ চনতে। এইটোও বিৱৰণিত পোৱা যায় যে ই পূব ভাৰতৰ একমাত্ৰ স্থান য'ত বৃহৎ সংখ্যক বিদেশী পৰ্য্যটকৰ আগমন ঘটে। ই বহুতো বলিউড আৰু বঙালী চলচ্চিত্ৰৰ শ্বুটিঙৰ জনপ্ৰিয় কেন্দ্ৰস্থল। সত্যজিত ৰায়ৰ কথাছবি 'কাঞ্চনজঙ্ঘা' (১৯৬২), বলিউডৰ কথাছবি 'আৰাধানা' (১৯৬৯) আৰু 'মে হুঁ না'ৰ (২০০৪) চিত্ৰগ্ৰহণ ইয়াতেই কৰা হৈছিল।[25][26] দাৰ্জিলিঙলৈ পৰ্য্যটকৰ আগমন ৰাজনৈতিক অস্থিৰতাৰ বাবে বহু পৰিমাণে হ্ৰাস পাইছে। ১৯৮০ দশক আৰু ২০০০ দশকৰ আন্দোলনে ইয়াৰ পৰ্য্যটক উদ্যোগত বৰ বেয়াকৈ অনিষ্ট সাধন কৰিছে।[20][27]
নিউ জলপাইগুৰি ৰেল ষ্টেচনৰপৰা দাৰ্জিলিঙ হিমালয়ান ৰেলৱেৰ সহায়ত যাব পাৰি। এই যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ৮৮কিঃমিঃ (৫৫ মাইল)। শিলিগুৰিৰ পৰা ৫৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদিও দাৰ্জিলিঙলৈ যোৱাৰ সুবিধা আছে। এই যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ৭৭ কিঃমিঃ (৪৮ মাইল)।[28][29] ১৯৯৯ চনত ইউনেস্কোয়ে, ৬০ ছেঃমিঃ (২৪ ইঞ্চি) প্ৰস্থৰ নেৰ'-গজ ৰেলৱে, দাৰ্জিলিঙ হিমালয়ান ৰেলৱেক বিশ্বৰ ঐতিৰ্য্যবাহী স্থান হিচাপে ঘোষণা কৰিছিল।[30][25] বাছ-সেৱা আৰু ভাৰাত পোৱা বিভিন্ন যান-বাহনেও দাৰ্জিলিঙক শিলিগুৰিৰ লগত সংযোগ কৰিছে। ইয়াৰ উপৰিও দাৰ্জিলিঙৰ বাগডোগ্ৰা (Bagdogra), গেংটক আৰু কাঠমাণ্ডু তথা ইয়াৰ নিকটতম চহৰ কুৰচিয়ং (Kurseong) আৰু কালিমপং (Kalimpong)-ৰ সৈতেও সংযোগ আছে।[28] তথাপিও বাৰিষাকালত ভূমিস্খলনৰ ফলত পথ আৰু ৰেলৱেৰ যোগাযোগত ব্যাঘাত জন্মে। ইয়াৰ নিকটতম বিমান বন্দৰটো হৈছে বাগডোগ্ৰা।[28] ই দাৰ্জিলিঙৰ পৰা ৯০ কিঃমিঃ (৫৬ মাইল) দূৰত অৱস্থিত। সাধাৰণতে চহৰৰ ভিতৰত, ইয়াৰ বাসিন্দাসকলে খোজকাঢ়িয়ে যায়। কম দূৰত্বৰ ভ্ৰমণত তেওঁলোকে বাইচাইকেল, দুচকীয়া যান-বাহন আথবা ভাড়াত পোৱা টেক্সী ব্যৱহাৰ কৰে। দাৰ্জিলিঙৰ ৰ'প-ৱে (Ropeway) ১৯৬৮ চনৰপৰাই কাৰ্য্যক্ষম আছিল। কিন্তু ২০০৩ চনত হোৱা এক দুৰ্ঘ্যটনাত চাৰিজন পৰ্য্যটকৰ মৃত্যু হোৱাত বন্ধ কৰি দিয়া হৈছিল।[31] ২০০৭ চনত ইয়াক পুনৰ প্ৰচলনৰ বাবে প্ৰস্তাৱ ৰখা হৈছিল।[32] সেয়ে ইয়াক ২০১২ চনৰ ফেব্ৰুৱাৰীত, আঠ বছৰৰো অধিক কালৰ পিছত পুনৰ বাৰ পৰ্য্যটকৰ কাৰণে মুকলি কৰি দিয়া হয়।[33]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.