ৰঙা পাণ্ডা

From Wikipedia, the free encyclopedia

ৰঙা পাণ্ডা

ৰঙা পাণ্ডা (ইংৰাজী: Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়। ইয়াৰ বন্য পৰিবেশত হোৱা দ্ৰুত জনসংখ্যা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এই জন্তুবিধক আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত (Vulnerable) বুলি স্বীকৃতি প্ৰদান কৰা হৈছে।[1]বৰ্তমানলৈকে ইয়াৰ দুটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে।

ক্ষিপ্ৰ তথ্য পাণ্ডা (Red panda), সংৰক্ষণ স্থিতি ...
পাণ্ডা (Red panda)
Thumb
সংৰক্ষণ স্থিতি
Thumb
অসুৰক্ষিত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Ailuridae
গণ: Ailurus
F. Cuvier, 1825
প্ৰজাতি: A. fulgens
বৈজ্ঞানিক নাম
Ailurus fulgens
F. Cuvier, 1825
Subspecies

A. f. fulgens
A. f. refulgens syn. A. f. styani

Thumb
Red panda range
বন্ধ কৰক

দৈহিক গঠন

Thumb
ৰঙা পাণ্ডা
Thumb
ৰঙা পাণ্ডাৰ লাওখোলা

ৰঙা পাণ্ডাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫০-৬৪ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য প্ৰায় ২৮-৫৯ ছে:মি: হয়। মতা আৰু মাইকী পাণ্ডাৰ ওজন ক্ৰমান্বয়ে ৩.৭-৬.২ কিলোগ্ৰাম আৰু ৩-৬ কিলোগ্ৰাম হয়।[2][3][4] ইয়াৰ সমগ্ৰ দেহ কোমল ৰঙচুৱা নোমেৰে আবৰা। দেহৰ তলৰ অংশৰ নোমৰ বৰণ ক'লা। ইয়াৰ মুখৰ বৰণ পাতল, গাল দুখন বগা বৰণীয়া। ইয়াৰ মূৰৰ আকাৰ ঘূৰণীয়া আৰু কাণ দুখন মজলীয়া আকাৰৰ, উঠঙা। নাক ক'লা আৰু চকুযোৰ গাঢ় ক'লা বৰণৰ। পাণ্ডাৰ নেজ শকত আৰু নোমাল। ইয়াৰ নেজডালত পথালিকৈ ছয়ডাল কমলা ডাঠ আঁচ থাকে। ইয়াৰ ঠেং ক'লা আৰু চুটি হয়। ইয়াৰ নোমাল ছালখনে পাণ্ডাক অত্যধিক ঠাণ্ডা পৰিবেশত দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।[5]

বিস্তৃতি

Thumb
Red panda sleeping

পাণ্ডা কেৱল হিমালয় পৰ্বতৰ অৰণ্যতহে দেখা পোৱা যায় (endemic)। ইয়াক পশ্চিমে নেপালৰ পৰা পূবে চীনলৈকে দেখা যায়।[6] ইয়াৰ ভিতৰত তীব্বত, ভাৰতৰ ছিক্কিম, অসম আৰু ভূটান, বাৰ্মাৰ উত্তৰৰ পৰ্বতীয়া অৰণ্য, দক্ষিণ-পশ্চিম চীন, য়ুনান আদি পাণ্ডাৰ বাসস্থান হিচাপে অন্যতম। উত্তৰ অৰুণাচল প্ৰদেশতো পাণ্ডা দেখা পোৱাৰ কিছু তথ্য পোৱা যায় যদিও নিশ্চিত সূত্ৰ পাবলৈ এতিয়াও বাকী। পাণ্ডাৰ বিস্তৃতি তুলনামূলকভাৱে বিভক্ত।[2] এনে এটা বিভক্ত গোট মেঘালয়তো থকাৰ প্ৰমাণ পোৱা গৈছে।[7]

বাসস্থান

পাণ্ডা সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ২,২০০-৪,৮০০ উচ্চতাত বসবাস কৰা দেখা যায়। এই জন্তুবিধে ঘাইকৈ ১০-২৫ ডিগ্ৰী ছেলছিয়াছৰ জলবায়ু পছন্দ কৰে। বাঁহ গছেৰে পৰিপূৰ্ণ হিমালয়ৰ মিশ্ৰ পৰ্ণপাতী অৰণ্যত ই বাস কৰে।[2]

আচৰণ

Sounds of red panda twittering

ৰঙা পাণ্ডাই নিজৰ একোটা এলেকা অধিকাৰ কৰি লয় (territorial)। সাধাৰণতে ই অকলশৰীয়াকৈ থাকে-কেৱল প্ৰজননৰ সময়তহেযোৰ পাতে। কেতিয়াবা হুইছেলৰ দৰে কিছু শব্দ কৰাৰ বাহিৰে বাকী সময়ত ই নীৱৱে থাকে। ইয়াক সাধাৰণতে নিশাচৰ বুলি জনা যায়। ই গছৰ ডালত বা খোৰোঙত দিনৰ ভাগত শুই থাকে আৰু আন্ধাৰ নমাৰ লগে লগে সক্ৰিয় হৈ উঠে। গৰমৰ দিনত ই ঠেং ওলমাই গছৰ ডালত জিৰণি লয় আৰু ঠাণ্ডা হ'লে ঘোৰখাই নেজডাল মুখত দি ৰাখে।[2] পাণ্ডা উষ্ণতাৰ পৰিৱৰ্তনৰ প্ৰতি খুবেই সজাগ বুলি জনা যায়। ১৭-২৫ ডিগ্ৰী ইয়াৰ বাবে আটাইতকৈ উপযোগী উষ্ণতা বুলি তথ্য পোৱা গৈছে। ই ২৫ ডিগ্ৰীৰ ওপৰৰ উষ্ণতা সহ্য কৰিব নোৱাৰে বুলিও জনা যায়।

Thumb
Red panda standing

খাদ্য

Red panda gnawing

ৰঙা পাণ্ডা গছত বগোৱাত খু্বেই পাকৈত আৰু ই প্ৰধানকৈ গছৰ পাত খাই জীয়াই থাকে। বাঁহগছৰ বিভিন্ন অংশ ইয়াৰ প্ৰিয় খাদ্য। তদুপৰি ই সৰু আকাৰৰ স্তন্যপায়ী প্ৰাণী, চৰাই , কণী, ফুল, ফল আদিও খায়। কৃত্ৰিম পৰিবেশত পাণ্ডাই চৰাই, ফুল, গুটি আদি আহাৰ হিচাপে গ্ৰহণ কৰা দেখা যায়।

প্ৰজনন

Thumb
Red panda tending its cub

পাণ্ডাই ১৮ মাহ বয়সৰ পৰা প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে। অৱশ্যে ই ২-৩ বছৰ বয়সতহে প্ৰকৃততে পূৰ্ণবয়স্ক হয়। প্ৰজনন কাল জানুৱাৰীৰ পৰা মাৰ্চমাহলৈকে বুলি জনা গৈছে। কেৱল প্ৰজননকালত হে পূৰ্ণবয়স্ক পাণ্ডাইযোৰ পাতে। মতা-মাইকী উভয়ে একাধিক জন্তুৰ স'তে প্ৰজনন কৰে।[8]

ৰঙা পাণ্ডাৰ গড় আয়ুস ৮-১০ বছৰ বুলি তথ্য পোৱা গৈছে। অৱশ্যে কৃত্ৰিম পৰিৱেশত ই ১৫ বছৰ বয়সলৈকে জীয়াই থাকিব পাৰে।

সংকট

Thumb
A red panda in the Parco Natura Viva, Bussolengo near Verona, Italy

The primary threats to red pandas are direct harvest from the wild, live or dead, competition with domestic livestock resulting in habitat degradation, and deforestation resulting in habitat loss or fragmentation. The relative importance of these factors is different in each region, and is not well understood.

Deforestation can inhibit the spread of red pandas and exacerbate the natural population subdivision by topography and ecology, leading to severe fragmentation of the remaining wild population.[9]

সংৰক্ষণ

Thumb
The red panda has been confused with other animals
Thumb
Red panda resting on a tree in Madrid Zoo.

The red panda is listed in CITES Appendix I.The species has been classified as vulnerable in the IUCN Red List since 2008 because the global population is estimated at about 10,000 individuals, with a decreasing population trend; only about half of the total area of potential habitat of 1,42,000 বৰ্গ কি.মি. (55,000 বৰ্গ মাইল) is actually being used by the species. Due to their shy and secretive nature, and their largely nocturnal habits, observation of red pandas is difficult. Therefore, population figures in the wild are determined by population density estimates and not direct counts.

Worldwide population estimates range from fewer than 2,500 individuals[8] to between 16,000 and 20,000 individuals.[7]

Thumb
Red panda at Munich Zoo, Germany

তথ্যসূত্ৰ

লগতে চাওক

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.