দাৰ্জিলিং হিমালয়ান ৰেল

From Wikipedia, the free encyclopedia

দাৰ্জিলিং হিমালয়ান ৰেল

দাৰ্জিলিং হিমালয়ান ৰেল (ইংৰাজী: Darjeeling Himalayan Railway) পশ্চিমবংগৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰলৈ চলাচল কৰা এখন 2 ft  (610 mm) নেৰ'গজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে জনাজাত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰেল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।

ক্ষিপ্ৰ তথ্য দাৰ্জিলিং হিমালয়ান ৰেলৱে Darjeeling Himalayan Railway, স্থান ...
দাৰ্জিলিং হিমালয়ান ৰেলৱে
Darjeeling Himalayan Railway
Thumb
বাতাছিয়া লুপত লোকোমোটিভ নং ডিএইচআৰ ৭৮০
স্থান পশ্চিমবংগ, ভাৰত
টাৰ্মিনাছ দাৰ্জিলিং
বানিজ্যিক পৰিচালনা
নাম দাৰ্জিলিং হিমালয়ান ৰেল
আদি গেজ 2 ft  (610 mm)
সংৰক্ষিত পৰিচালনা
পৰিচালক ভাৰতীয় ৰেল, সহায়তা কৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে সংস্থানে
ষ্টেশ্যন ১৭টি ষ্টেচন আৰু ১৫টি হল্ট ষ্টেচন
দৈৰ্ঘ্য ৮৬ kilometre (53 মাইল)
সংৰক্ষিত গেজ 2 ft  (610 mm)
বানিজ্যিক ইতিহাস
সংৰক্ষনৰ ইতিহাস
বন্ধ কৰক

১৮৭৯ চনৰ পৰা ১৮৮১ চনৰ মাজভাগত নিৰ্মাণ কৰা এই ৰেলপথৰ দৈৰ্ঘ্য ৮৬ কিলোমিটাৰ (৫৩ মাইল)। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা শিলিগুড়িত ১০০ মিটাৰ (৩২৮ ফুট) আৰু দাৰ্জিলিঙত ২,২০০ মিটাৰ (৭,২১৮ ফুট)। বৰ্তমানে এইখন ভাপ ইঞ্জিনৰ দ্বাৰা চলে। দাৰ্জিলিঙৰ মেল ট্ৰেনৰ বাবে ডিজেল ইঞ্জিন ব্যৱহাৰ কৰা হয়।

১৯৯৯ চনত ইউনেস্কো দাৰ্জিলিং হিমালয়ান ৰেলক বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰা হয়। ২০০৫ চনত নীলগিৰি পাৰ্বত্য ৰেলকো ইয়াৰ লগতেই বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত কৰা হয়।

ইতিহাস

Thumb
দাৰ্জিলিং হিমালয়ান ৰেলৰ ঘুম ষ্টেচন
Thumb
দাৰ্জিলিং হিমালয়ান ৰেলৱে, বিশ্ব ঐতিহ্যবাহী স্থান

১৮৭৮ চনত ষ্টেণ্ডাৰ্ড গেজ ৰেলৰ মাধ্যমৰে কলকাতা আৰু শিলিগুড়ি সংযুক্ত হয়।[1] হিমালয়ৰ পাদদেশত অৱস্থিত শিলিগুড়িৰ পৰা এটা কাৰ্ট ৰোডেৰে (নতুন হিল কাৰ্ট ৰোড) দাৰ্জিলিং সংযোজিত হয়। এই ৰাস্তাত টাঙ্গা পৰিসেৱা চলি আছিল।[2] ফ্ৰেঙ্কলিন প্ৰিষ্টেজ নামৰ ইষ্টাৰ্ন বেঙ্গল ৰেলৱে কোম্পানীৰ জনৈক এজেণ্ট চৰকৰৰ ওচৰত বাষ্পচালিত ট্ৰামৰ মাধ্যমেৰে শিলিগুড়িক দাৰ্জিলিঙৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱ দিয়ে।[2] বাংলাৰ লেফটনেণ্ট গভৰ্নৰ ছাৰ এচলে ইডেনে এই প্ৰস্তাৱত ইতিবাচক সঁহাৰি জনোৱাত এইটো গৃহীত হয়।[2] নিৰ্মাণৰ কাম সেই বছৰেই আৰম্ভ কৰা হয়।

দাৰ্জিলিং ষ্টীম ট্ৰামৱে কোম্পানীয়ে হিলকাৰ্ট পথৰ দাঁতিয়েদি দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে ১৮৭৯ চনত। যাত্ৰী পৰিবহণৰ উপৰিও মূলতঃ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ আৰু দাৰ্জিলিঙৰ চাহ উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ নেৰ'গজৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৯৬২ চনত ৰেলপথ নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে কিনি লয় আৰু আসাম ৰেলৱেৰ অন্তৰ্ভুক্ত কৰে। ১৯৫৩ চনত সমগ্ৰ ভাৰতীয় ৰেল পৰিবহণ ব্যৱস্থাক কিছুমান এলেকাত (Zone) বিভক্ত কৰাত ই প্ৰথমে উত্তৰ পূব ৰেলৱেৰ আৰু ১৯৫৮ চনত উত্তৰ পূব সীমান্ত ৰেলৱে গঠন হোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনলৈ অনা হয়। উন্নততৰ মটৰ পৰিবহণ ব্যৱস্থাৰ বাবে দাৰ্জিলিং হিমালয়ান ৰেলৱে লোকচানৰ সন্মুখীন হোৱাত ১৯৯৩ চনত সামগ্ৰী পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আনহাতে ১৯৯৯ চনত ইউনেস্কোৱে (UNESCO) ইয়াক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়ে।[3] পুতলা ৰেল নামেৰে জনাজাত এই ৰেলৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।[4][5]

ছবি ভৰাল

Thumb
বাটাছিয়া লুপ, দাৰ্জিলিং, উত্তৰ-পূব সীমান্ত ৰেলৱে
Thumb
দাৰ্জিলিং ৰেল ষ্টেশ্যন

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.