From Wikipedia, the free encyclopedia
চন্দ্ৰশেখৰ কম্বাৰ (কন্নড়: ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।[1]
চন্দ্ৰশেখৰ কম্বাৰ | |
---|---|
২০১৩ চনত, বেংগালুৰুৰ এটি অনুষ্ঠানত কম্বাৰ | |
জন্ম | ২ জানুৱাৰী, ১৯৩৭ (৮৭ বছৰ) ঘৰাগেড়ী, বেলাগভি, ব'ম্বে প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত |
পেচা | কবি
|
মাতৃশিক্ষায়তন | পি এইচ ডি, কৰ্ণাটক বিশ্ববিদ্যালয় |
সময় | ১৯৫৬ৰ পৰা বৰ্তমানলৈ |
ধৰণ | কল্প-সাহিত্য |
উল্লেখযোগ্য বঁটা | পদ্মভূষণ জ্ঞানপীঠ বঁটা সাহিত্য অকাডেমি বঁটা পদ্মশ্ৰী পম্পা এৱাৰ্ড |
দাম্পত্যসংগী | সত্যভামা |
সন্তান | ৰাজশেখৰ কম্বাৰ, জয়শ্ৰী কম্বাৰ, গীতা সতীশ, চত্ৰমা কম্বাৰ |
বহুকেইটি খ্যাত-প্ৰখ্যাত বঁটাৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছে। ২০২১ চনত তেওঁক পদ্মভূষণ[2][3], ২০১১ চনত জ্ঞানপীঠ বঁটা[4], ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা, ২০০১ চনত পদ্মশ্ৰী[5], কবীৰ সম্মান, কালিদাস সম্মান আৰু ২০০৪ চনত পম্পা বঁটা প্ৰদান কৰা হয়। ১৯৮৩ চনত তেওঁলৈ সংগীত নাটক একাডেমী বঁটা[6] আৰু ২০২১ চনত সংগীত নাটক ফেল'শ্বিপ আগবঢ়োৱা হৈছিল। অৱসৰৰ পাছত কম্বাৰাক কানাড়া বিধান সভাৰ সদস্য ৰূপে মনোনীত কৰা হয়, য'ত তেওঁ নিজা হস্তক্ষেপেৰে উল্লেখযোগ্য অৱদান আগবঢ়ায়। [7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.