প্ৰথম বিশ্বযুদ্ধ
১৯১৪–১৯১৮ চনলৈ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা যুদ্ধ / From Wikipedia, the free encyclopedia
প্ৰথম বিশ্বযুদ্ধ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসমৰ। ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১১ নৱেম্বৰ ১৯১৮ চনলৈ চলিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগলৈ এইখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি কোৱা হৈছিল। দ্বিতীয়খন বিশ্বযুদ্ধৰ পাছৰপৰাহে ইয়াক প্ৰথম বিশ্বযুদ্ধ বোলা হৈছে। সেই সময়ৰ পৃথিৱীৰ প্ৰতিটো বৃহৎ শক্তিয়েই এই যুদ্ধত ভাগ লৈছিল।[5] তেওঁলোক মূলতঃ দুটা বিপৰীত গোটত বিভক্ত হৈছিল" মিত্ৰ শক্তি (ইয়াৰ অংশীদাৰ আছিল ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়া, যাক Triple Entente বোলা হৈছিল), আৰু কেন্দ্ৰীয় শক্তি (প্ৰথমে ইয়াৰ অংশীদাৰ আছিল জাৰ্মানী, অষ্ট্ৰিয়া-হাংগেৰী আৰু ইটালী, যাক Triple Alliance বোলা হৈছিল; পাছলৈ অষ্ট্ৰিয়া-হাংগেৰীয়ে চুক্তি-ভংগ কৰাৰ বাবে ইটালীয়ে যুদ্ধত ভাগ লোৱা নাছিল। )[6] পাছলৈ যুদ্ধত দুই শক্তিৰ লগত অন্যান্য দেশ চামিল হৈছিল। ইটালি, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ শক্তিৰ পক্ষত যোগ দিছিল আৰু অটোমান সাম্ৰাজ্য আৰু বুলগেৰিয়াই কেন্দ্ৰীয় শক্তিত যোগ দিছিল। মুঠ ৭০ নিযুত সামৰিক বাহিনীৰ লোকে এই যুদ্ধত অংশ লৈছিল, ইয়াৰে ৬০ নিযুত অকল ইউৰোপৰে আছিল।[7][8] ৯ নিযুততকৈও অধিক সামৰিক লোকৰ মৃত্যু হৈছিল। বৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগত আক্ৰমণত্মক অস্ত্ৰৰ উদ্ভাৱন আৰু শ্ৰীবৃদ্ধিৰ বিপৰীতে প্ৰতিৰক্ষা আৰু চলাচলৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবেই মৃত্যুৰ সংখ্যা আছিল অতি বেছি। পৃথিৱীৰ ইতিহাসত যুদ্ধত মৃত্যুৰ তালিকাত ষষ্ঠ স্থানত অৱস্থান কৰা এই যুদ্ধই সমগ্ৰ পৃথিৱীতে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল আৰু লগতে উত্থান হৈছিল বিভিন্ন গণ-বিপ্লৱৰ।[9]
|
||||||||||||||||||||||||||||
প্ৰথম বিশ্বযুদ্ধৰ এটা দীৰ্ঘকালীন মুখ্য কাৰণ আছিল ইউৰোপৰ বৃহৎ শক্তিসমূহৰ মাজত নৱ্য-সাম্ৰাজ্যবাদৰ উত্থান। যুদ্ধ আৰম্ভণিৰ কাৰক হিচাপে কাম কৰিছিল অষ্ট্ৰিয়াৰ আৰ্কডিউক ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ডৰ হত্যাই। ফাৰ্ডিনাণ্ড আছিল অষ্ট্ৰিয়া-হাংগেৰী সিংহাসনৰ উত্তৰাধিকাৰী। ২৮ জুন ১৯১৪ চন চনত ছাৰ্বিয়াৰ ছাৰাজেভ'ত এগৰাকী যুগ'শ্লাভ জাতীয়তাবাদী গেভ্ৰিল' প্ৰিন্চিপে তেখেতক হত্যা কৰে। এই হত্যাই কূটনৈতিক পৰিস্থিতিৰ জটিল কৰি তোলে আৰু অষ্ট্ৰিয়া-হাংগেৰীয়ে ছাৰ্বিয়া-ক শেষ সকিয়নী দিয়ে।[10][11] বিগত দশকটোত গঠন হোৱা বিভিন্ন মিত্ৰ জোঁটৰ তৎকালীন প্ৰতিক্ৰিয়াই যুদ্ধৰ সূচনা কৰে। কেইটামান সপ্তাহৰ ভিতৰতে যুদ্ধ ইউৰোপৰ মূল ভূ-খণ্ডৰপৰা এই শখ্তিসমূহৰ উপনিৱেশলৈ বিয়পি পৰে আৰু পৃথিৱীব্যাপী যুদ্ধৰ আৰম্ভ হয়।
ছাৰ্বিয়া আক্ৰমণৰ সূচনা কৰি অষ্ট্ৰিয়া-হাংগেৰীয়ে ২৮ জুলাইত প্ৰথম গুলী বৰ্ষণ আৰম্ভ কৰে।[12][13] এই সময়তে ৰাছিয়াই নিজৰ সৈন্য সমাবেত কৰিবলৈ আৰম্ভ কৰে,আৰু জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণৰ লক্ষ্যৰে ফ্ৰান্সৰ প্ৰতিবেশী বেলজিয়াম আৰু লাক্সেমবাৰ্গ আক্ৰমণ কৰে। বেলজিয়াম আৰু লাক্সেমবাৰ্গ নিৰপেক্ষ ৰাষ্ট্ৰ আছিল। এই আক্ৰমণৰ প্ৰত্যুত্তৰত ব্ৰিটেইনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফ্ৰান্সৰ পেৰিছৰ নিকটৱৰ্তী মাৰ্নি নদীৰ পাৰত মাহজোৰা জাৰ্মান আগ্ৰাসন ৰোধ কৰা হয়। এই ঘটনাক 'মাৰ্নিৰ অলৌকিক ঘটনা' আখ্যা দিয়া হৈছে। এই ঠাইতে জাৰ্মানে ট্ৰেন্স খান্দি অৱস্থান কৰে, আৰু ১৯১৭ চনলৈ প্ৰায় একে স্থানতে অৱস্থান কৰি থাকে। পূৱ ইউৰপত ৰাছিয়াই অষ্ট্ৰিয়া-হাংগেৰী বাহিনীৰ বিৰূদ্ধে জয়লাভ কৰে, কিন্তু তেওঁলোকৰ পূৱ প্ৰুছিয়া আক্ৰমণ জাৰ্মান বাহিনীয়ে প্ৰতিহত কৰে। নৱেম্বৰ মাহত অটোমান সাম্ৰাজ্যই সুদ্ধত যোগ দিয়ে আৰু ককেছাছ, মেছ'পটেমিয়া আৰু ছিনাই-সীমান্তলৈ যুদ্ধ বিয়পি পৰে। ১৯১৫ চনত ইটালি আৰু বুলগেৰিয়াই যুদ্ধত যোগ দিয়ে, ১৯১৬ চনত যোগ দিয়ে ৰোমানিয়াই। যুদ্ধৰ মাজতে ১৯১৭ চনৰ মাৰ্চ মাহত ৰাছিয়াত জাৰৰ শাসনৰ অন্ত পৰে, আৰু অক্টোবৰ বিপ্লৱৰ পাছত নৱ্য-গঠিত ৰাছিয়াৰ চৰকাৰে জাৰ্মানীৰ লগত 'যুদ্ধ বিৰতি'ৰ ঘোষণা কৰে। ১৯১৮ চনত জাৰ্মানীয়ে পশ্চিম সীমান্তত যুদ্ধ প্ৰবল কৰি তোলে, কিন্তু মিত্ৰ-শক্তিয়ে কেবাখনো খণ্ড-যুদ্ধত জয়ী হৈ জাৰ্মান বাহিনীক পশ্চাদপসাৰণ কৰিবলৈ বাধ্য কৰে। আমেৰিকাৰ যুদ্ধ বাহিনীয়ে জাৰ্মান ট্ৰেন্স-সমূহ দখল কৰিবলৈ আৰম্ভ কৰে। জাৰ্মানীতো বিপ্লৱৰ সূচনা হয়, আৰু ইয়াৰ ফলস্বৰূপে ১৯১৮ চনৰ ১১ নৱেম্বৰত যুদ্ধ-বিৰতি সন্ধি কৰিবলৈ সন্মত হয়। ইয়াতে মিত্ৰ শক্তিৰ বিজয়ৰদ্বাৰা প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে।
শক্তিসমূহে যুদ্ধলৈ মানুহ আৰু বিত্তীয় সমল যোগান ধৰাৰ বাবে চেষ্টা কৰাৰ ফলত যুদ্ধক্ষেত্ৰৰ দৰেই গৃহভূমিতো বৃহৎ সালসলনি ঘটে। যুদ্ধৰ শেষত জাৰ্মানী, ৰাছিয়া, অটোমান আৰু অষ্ট্ৰ'-হাংগেৰীয়ান এই চাৰিখনৰ সাম্ৰাজ্যৰ অস্তিত্ব বিলীন হৈ যায়। জাৰ্মানী আৰু ৰাছিয়াৰ অৱশিষ্ট ৰাষ্ট্ৰৰ মাটি-কালি বৃহৎ পৰিমাণে কমি আহে, আৰু অষ্ট্ৰ'-হাংগেৰিয়ান আৰু অটোমান সাম্ৰাজ্য সম্পূৰ্ণৰূপে নিশ্চিহ্ন হয়। কেবাখনো নতুন ৰাষ্ট্ৰ জন্মৰে ইউৰোপৰ ৰাজনৈতিক মানচিত্ৰ নতুনকৈ অংকিত হয়। .[14] এনে যুদ্ধৰ পুনৰাবৃত্তি নহ'বলৈ জাতি-সংঘ গঠন কৰা হয়। যুদ্ধৰ পৰিণতিতে ইউৰোপীয় জাতীয়তাবাদে গা কৰি উঠে, লগতে জাৰ্মানীৰ পৰাজয়ৰ গ্লানি আৰু ভাৰ্ছাই সন্ধিৰ আপত্তিজনক চৰ্ত পাছলৈ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰক হিচাপে পৰিগণিত হয়।[15]