স্বতন্ত্ৰ পাৰ্টি
ভাৰতৰ অধুনালুপ্ত ৰাজনৈতিক দল / From Wikipedia, the free encyclopedia
স্বতন্ত্ৰ পাৰ্টি (ইংৰাজী: Swatantra Party, সংক্ষিপ্ত ৰূপ: SWA) ভাৰতৰ এটা ধ্ৰুপদী-উদাৰপন্থী ৰাজনৈতিক দল। ১৯৫৯ত গঠিত এই দলটো ১৯৭৪ত ভাৰতীয় লোক দলত চামিল হৈ যায়।[4] জৱাহৰলাল নেহৰুৰ প্ৰভাৱাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমবৰ্ধমান সমাজতান্ত্ৰিক আৰু ৰাজ্যবাদী দৃষ্টিভংগীৰ প্ৰতিক্ৰিয়া স্বৰূপে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে এই দলটো গঠন কৰিছিল।[5]
স্বতন্ত্ৰ পাৰ্টি | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ৪ জুন ১৯৫৯ |
বিলুপ্তি | ১৯৭৪ |
ৰাজনৈতিক মতাদৰ্শ | ধ্ৰুপদী উদাৰতাবাদ[1] উদাৰ ৰক্ষণশীলতা[2] ধৰ্ম নিৰপেক্ষতা[3] |
দলীয় ৰং | নীলা |
স্বতন্ত্ৰ পাৰ্টিত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, থাংগুটুৰী প্ৰকাশম পন্টুলু, এন জি ৰংগা, দৰ্শনসিং ফেৰুমেন,[6][7] উধম সিং নাগোকে,[8] কে.এম. মুঞ্চি আদি বহু কেইজন বিশিষ্ট পুৰণি কংগ্ৰেছীৰ সমাবেশ ঘটিছিল। এই দলটো গঠনৰ অন্যতম অজুহাত আছিল আবাদী[9] আৰু নাগপুৰ প্ৰস্তাৱত কংগ্ৰেছৰ বাওপন্থী ঘূৰ্ণন। স্বতন্ত্ৰ পাৰ্টিয়ে লাইচেঞ্চ ৰাজৰ অৱসান তথা বজাৰ-ভিত্তিক অৰ্থনীতিৰ পোষকতা কৰিছিল, যদিও তেওঁলোকে মুক্ত বজাৰ অৰ্থনীতিৰ বিৰোধী আছিল। ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ অৰ্থনৈতিক অধিকাৰৰ বিবেচনাৰে স্বতন্ত্ৰ পাৰ্টি হিন্দু-জাতীয়তাবাদী ভাৰতীয় জন সংঘৰ দৰে ধৰ্ম-আধাৰিত দল নাছিল। ১৯৬০ চনত ৰাজাগোপালাচাৰী আৰু তেওঁৰ সতীৰ্থসকলে কিয় নতুন দল এটা গঠন কৰিবলগীয়া হ’ল, তাৰ বিতং বাখ্যা কৰি এখন ২১ দফীয়া ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰিছিল, যদিও তেওঁলোক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত একো একোজন কংগ্ৰেছী ৰূপে নেহৰুৰ সহযোগী আছিল।[10] নেহৰু এই দলটোৰ প্ৰতি অত্যন্ত সমালোচনামুখৰ আছিল আৰু তেওঁলোকক মধ্যযুগীয় সামন্ত প্ৰভু, দুৰ্গ আৰু জমিদাৰ বুলি অভিহিত কৰিছিল।[11]