ৰথীন্দ্ৰ নাথ গোস্বামী
এগৰাকী অসমীয়া সাহিত্যক / From Wikipedia, the free encyclopedia
ৰথীন্দ্ৰ নাথ গোস্বামী (ইংৰাজী: Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে ''চিচিং'' নামৰ এটি কাল্পনিক নিগনিৰ চৰিত্ৰ সৃষ্টি কৰে। তেখেত প্ৰথম অসমীয়া শিশু-উপযোগী ''বিদেশী বন্ধুৰ দেশত'' শীৰ্ষক ভ্ৰমণ-কাহিনীৰ লেখক। ১৯৯৫ চনত প্ৰকাশিত ''হবি'' হৈছে তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখন হবি-সম্পৰ্কে লিখা প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰন্থ। ''কিংকিনীৰ বিদ্ৰোহ'' হৈছে তেখেতে শিশুৰ বাবে যুগুতোৱা কল্প-বিজ্ঞানধৰ্মী গ্ৰন্থ। ''বিজ্ঞানে আনিব জোৱাৰ'', ''অংক জংক পংক'', ''চলন্ত মহাদেশ গতিশীল পৃথিৱী'' হৈছে তেখেতৰ দ্বাৰা লিখিত আন কেইখনমান উল্লেখনীয় গ্ৰন্থ।
ৰথীন্দ্ৰ নাথ গোস্বামী Rothindra Nath Goswami | |
---|---|
ৰথীন্দ্ৰ নাথ গোস্বামী | |
জন্ম | ২০ ফেব্ৰুৱাৰী, ১৯৬৭ যোৰহাট, অসম |
ছদ্মনাম | ৰথীন মামা, ৰনাগো |
পেচা | ভূতত্ত্ববিদ (তেল আৰু প্ৰাকৃতিক গেছ নিগম)[1], শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক |
মাতৃশিক্ষায়তন |
|
উল্লেখনীয় কৰ্মৰাজি | অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা, প্ৰথম ভ্ৰমণ-কাহিনী “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক[2] |
উল্লেখযোগ্য বঁটা | অসম সাহিত্য সভাৰ হেম বৰুৱা সোঁৱৰণী বঁটা(১৯৯৯) সাহিত্য অকাডেমি বঁটা (শিশু সাহিত্য) (২০২৩) |
দাম্পত্যসংগী | প্ৰিয়াক্ষী গোস্বামী |
সন্তান | প্ৰথম আৰু প্ৰহৰ |
পিতৃ-মাতৃ | অনুপমা গোস্বামী (মাতৃ)[1] যতীন্দ্ৰনাথ গোস্বামী (পিতৃ) |
২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে।[3][4] পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান' নামৰ শিশু- উপন্যাসখনৰ বাবে তেখেতলৈ এই সন্মান আগবঢ়োৱা হয়। [5][6][7] তেখেত বৰ্তমান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ডেৰাডুনস্থিত কাৰ্যালয়ত মুখ্য মহা প্ৰবন্ধক হিচাপে কৰ্মৰত।