সাহিত্য অকাডেমি
From Wikipedia, the free encyclopedia
সাহিত্য অকাডেমি (ইংৰাজী: Sahitya Akademi) হৈছে ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তা-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৫৪ চনৰ ১২ মাৰ্চ তাৰিখে আনুষ্ঠানিক ভাবে উদ্ঘাটন কৰে। যি প্ৰস্তাৱৰ দ্বাৰা চৰকাৰে অনুষ্ঠানটো গঠন কৰাৰ সিদ্ধান্ত লৈছিল, তাত সাহিত্য অকাডেমিৰ গঠনৰ উদ্দেশ্য সম্পৰ্কে এনেদৰে বৰ্ণনা কৰা হৈছিল, 'ভাৰতীয় সাহিত্যৰ সক্ৰিয় বিকাশৰ বাবে কাম কৰা এক ৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য উচ্চ সাহিত্যিক মানদণ্ড প্ৰতিষ্ঠা কৰা, ভাৰতীয় ভাষাৰ সাহিত্যিক গতিবিধিৰ সমন্বয় আৰু ইয়াৰ যোগেদি দেশখনৰ ৰাষ্ট্ৰীয় ঐক্যৰ উন্নয়ন সাধন। '[1] সাহিত্য অকাডেমি এক স্বায়ত্ত্বশাসিত সংস্থা আৰু ১৯৫৬ চনৰ ৭ জানুৱাৰী তাৰিখে চোচাইটি ৰেজিষ্ট্ৰেচন এক্ট, ১৯৬০ অধীনত ইয়াক পঞ্জীয়ন কৰা হয়।
সাহিত্য অকাডেমি | |
---|---|
প্ৰতিষ্ঠা | ১২ মাৰ্চ ১৯৫৪ (1954-03-12) (৭০ বছৰ পূৰ্বে) |
প্ৰধান কাৰ্যালয় | ৰবীন্দ্ৰ ভৱন, দিল্লী |
অঞ্চল | নতুন দিল্লী, ভাৰত |
সেৱা ক্ষেত্ৰ | ভাৰত |
সভাপতি | চন্দ্ৰশেখৰ কাম্বাৰা |
মাতৃ সন্থা | সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ |
ৱেবছাইট | sahitya-akademi |
ইয়াৰ প্ৰথমগৰাকী সভাপতি আছিল পণ্ডিত জৱাহৰলাল নেহৰু। চন্দ্ৰশেখৰ কাম্বাৰা বৰ্তমান সাহিত্য অকাডেমিৰ সভাপতি।