শান্তনু তামূলী
অসমৰ বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক / From Wikipedia, the free encyclopedia
শান্তনু তামূলী (ইংৰাজী: Santanoo Tamuly; জন্ম: ১৯৪৮-) অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে।
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য শান্তনু তামূলী, জন্ম ...
শান্তনু তামূলী | |
---|---|
জন্ম | প্ৰমোদ চন্দ্ৰ তামূলী ১ মাৰ্চ, ১৯৪৮ (৭৬ বছৰ) গোলাঘাট, বেঙেনাখোৱা, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ |
মাতৃশিক্ষায়তন | গুৱাহাটী বিশ্ববিদ্যালয় |
বিষয় | বিজ্ঞান সাহিত্য |
দাম্পত্যসংগী | কিৰণময়ী তামুলী |
বন্ধ কৰক