সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ
ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু ন'বেল বঁটা বিজয়ী / From Wikipedia, the free encyclopedia
সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ (ইংৰাজী: Subrahmanyan Chandrasekhar; ১৯ অক্টোবৰ ১৯১০ – ২১ আগষ্ট ১৯৯৫)[3] এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ কৰ্মজীৱনৰ অধিকাংশ সময় আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল।[4] "নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তনসম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভৌতিক প্ৰক্ৰিয়াৰ তাত্ত্বিক গৱেষণা"ৰ বাবে তেওঁ ১৯৮৩ চনত ৱিলিয়াম এ. ফাউলাৰৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল। নাক্ষত্ৰিক বিৱৰ্তনসম্পৰ্কীয় তেওঁৰ গাণিতিক গৱেষণাই বৃহৎ নক্ষত্ৰ আৰু কৃষ্ণগহ্বৰবোৰৰ বিৱৰ্তনৰ পৰৱৰ্তী স্তৰসম্পৰ্কীয় এতিয়াৰ বহুকেইটা প্ৰতিষ্ঠিত তাত্ত্বিক আৰ্হি জন্ম লাভত সহায় কৰিছিল।[5][6] "চন্দ্ৰশেখৰ সীমা" নামৰ পৰিভাষাটো তেওঁৰ নামেৰেই ৰখা হৈছে।
সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ | |
---|---|
![]() সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ | |
জন্ম | ১৯ অক্টোবৰ, ১৯১০ লাহোৰ, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া (এতিয়াৰ পঞ্জাব, পাকিস্তান) |
মৃত্যু | ২১ আগষ্ট, ১৯৯৫ চিকাগ', ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | ভাৰতীয়, আমেৰিকান |
ক্ষেত্ৰ | জ্যোতিৰ্পদাৰ্থবিজ্ঞান সাধাৰণ আপেক্ষিকতাবাদ তৰল গতিবিজ্ঞান বিকিৰণ |
কৰ্মস্থান | চিকাগ' বিশ্ববিদ্যালয় য়াৰ্কছ্ অবজাৰ্ভেটৰী বেলিষ্টিক ৰিচাৰ্ছ লেবৰেটৰী কেমব্ৰিজ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | ৰাফ্ এইচ্ছ্ ফাউলাৰ আৰ্থাৰ এডিংটন |
ডক্তৰেল বিদ্যাৰ্থী |
|
জনা যায় |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | ললিথা ডৰাইস্বামী (১৯৩৬-১৯৯৫) |
স্বাক্ষৰ![]() |
চন্দ্ৰশেখৰে তেওঁৰ জীৱনকালত বিভিন্ন ভৌতিক সমস্যাৰ ওপৰত কাম কৰিছিল। নক্ষত্ৰৰ গঠন সম্পৰ্কে আজিৰ ধ্যান-ধাৰণা, শ্বেত বাওনা, নাক্ষত্ৰিক গতিবিজ্ঞান, প্ৰসম্ভাব্য প্ৰক্ৰিয়া (stochastic process), বিকিৰণৰ জৰিয়তে পৰিবহণ, হাইড্ৰ'জেন এনায়নৰ কোৱাণ্টাম তত্ত্ব, হাইড্ৰ'ডাইনেমিক আৰু হাইড্ৰ'মেগনেটিক সুস্থিৰতা, সাধাৰণ আপেক্ষিকতাবাদ, কৃষ্ণগহ্বৰৰ গাণিতিক তত্ত্ব, মহাকৰ্ষণিক তৰংগৰ সংঘৰ্ষৰ তত্ত্ব আদি বহুকেইখন ক্ষেত্ৰত তেওঁ অৰিহণা যোগাইছিল।[7] কেমব্ৰিজ বিশ্ববিদ্যালয়ত থাকিবৰ সময়ত তেওঁ শ্বেত বাওনা তৰাবোৰৰ গঠন ব্যাখ্যা কৰিবলৈ এটা তাত্ত্বিক আৰ্হিৰ বিকাশসাধন কৰিছিল। ইয়াত তেওঁ অপভ্ৰষ্ট পদাৰ্থসমূহত থকা ইলেকট্ৰনৰ বেগৰ লগত ভৰৰ আপেক্ষিকীয় পৰিৱৰ্তনক ভিত্তি হিচাপে লৈছিল। তেওঁ দেখুৱাইছিল যে শ্বেত বাওনাৰ ভৰ সূৰ্য্যৰ ভৰৰ ১.৪৪ গুণতকৈ অৰ্থাৎ, চন্দ্ৰশেখৰ সীমাতকৈ বেছি হ'ব নোৱাৰে। তাৰকাৰাজ্য এখনৰ কেন্দ্ৰৰ সাপেক্ষে ঘূৰি থকা তৰাবোৰৰ ওপৰত দোলনশীল মহাকৰ্ষণীয় ক্ষেত্ৰই পেলোৱা প্ৰভাৱৰ ভিত্তিত জান উৰ্ট্ আৰু আন বিজ্ঞানীসকলে নক্ষত্ৰৰ গতিবিজ্ঞানৰ যি আৰ্হি উলিয়াইছিল, চন্দ্ৰশেখৰে সেয়া পুনৰীক্ষণ কৰিছিল। গতিবিজ্ঞানৰ এই কঠিন সমস্যাটোৰ সমাধান আগবঢ়াবলৈ তেওঁ ২০টা আংশিক অৱকলনীয় সমীকৰণৰ সহায় ল'ব লগা হৈছিল। "গতিবৈজ্ঞানিক ঘৰ্ষণ" নামৰ নতুন পৰিভাষা এটাও তেওঁ ব্যৱহাৰ কৰিছিল, যিয়ে নক্ষত্ৰৰ মন্থৰণ ঘটোৱা আৰু নক্ষত্ৰপুঞ্জক সাম্য অৱস্থালৈ নিয়াত প্ৰভাৱ পেলায়। চন্দ্ৰশেখৰে এই বিশ্লেষণখিনি আন্তঃনাক্ষত্ৰিক মহাকাশৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছিল আৰু দেখুৱাইছিল যে তাৰকাৰাজ্যিক গেছৰ ডাৱৰ আৰু ধূলিকণাবোৰ বৰ অসুষমভাৱে বিস্তৃত হৈ আছে।
চন্দ্ৰশেখৰে প্ৰেসিডেন্সি কলেজ, মাদ্ৰাজ (এতিয়াৰ চেন্নাই) আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ চিকাগ' বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপনা কৰিছিল। তেওঁ য়াৰ্কছ্ বীক্ষণাগাৰত কিছুদিন অধ্যয়ন চলোৱাৰ লগতে ১৯৫২ চনৰ পৰা ১৯৭১ চনলৈ "দ্য এষ্ট্ৰ'ফিজিকেল জাৰ্নেল"ৰ সম্পাদকৰ দায়িত্বভাৰ পালন কৰিছিল। ১৯৩৭ চনৰ পৰা ১৯৯৫ চনত ৮৪ বছৰ বয়সত মৃত্যু হোৱালৈ তেখেত দীৰ্ঘদিন ধৰি চিকাগ' বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছিল। তাত তেওঁ তাত্ত্বিক জ্যোতিৰ্পদাৰ্থবিজ্ঞান বিভাগৰ মৰ্টন ডি. হাল সন্মানীয় সেৱাৰ অধ্যাপক আছিল।[8]