সদস্য:IKHazarika/১০০টা প্ৰবন্ধ সমপূৰ্ণ!!!!
From Wikipedia, the free encyclopedia
অসমীয়া ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধ লিখাৰ (৪ আগষ্ট ২০১৪) পৰা ৭ মাহ আৰু ২৬ দিনৰ ভিতৰত (৩০ মাৰ্চ ২০১৫) মই ১০০টা প্ৰবন্ধ সম্পূৰ্ণ কৰিলো!!!!
প্ৰথম প্ৰবন্ধ আছিল---- "চীন", আৰু ১০০ নং প্ৰবন্ধ হ'ল---- "সত্য সাই বাবা" যি অসমীয়া ৱিকিপিডিয়াৰ সপ্তদশ আতাইতকৈ দীঘলীয়া প্ৰবন্ধ সম্পূৰ্ণ তালিকা চাবলৈ ইয়াত টিপক আতাইতকৈ দীঘলীয়া প্ৰবন্ধ ৱিকিপিডিয়া সমূহৰ তালিকা (অসমীয়া ৱিকিপিডিয়াত ষষ্ঠদশ)
অধিক তথ্য ভাল প্ৰবন্ধ, আপুনি জানেনে (মোৰ প্ৰবন্ধসমূহৰ পৰা)... ...
ভাল প্ৰবন্ধ |
---|
সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক সড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। আৰু পঢ়ক.... |
আপুনি জানেনে (মোৰ প্ৰবন্ধসমূহৰ পৰা)... |
* যে নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়? * যে ২ এটি ৰামানুজ যুগ্ম সংখ্যা? * যে হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে? * যে শিৰডীৰ সাই বাবাই নিজৰ উঢ়ীৰ (ভস্ম)ৰ দ্বাৰা স্থানীয় হকিমৰ কাম কৰিছিল? * যে ৬বছৰীয়া কৌটিল্য পণ্ডিতে ২১৩ দেশৰ ভূগোল, জনমুৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে? * যে গুগল (Google) কোম্পানীৰ মালিকে গুগ'লৰ (Googol)ৰ বানান ভুল কৰিলে? |
নিৰ্বাচিত চিত্ৰ (এই ১০০টা প্ৰবন্ধত ব্যৱহৃত) |
বন্ধ কৰক
অন্যান্য উল্লেখযোগ্য প্ৰবন্ধ....
বিশেষ
গড় প্ৰবন্ধ সৃষ্টি......... প্ৰতি মাহত (৭ মাহ ২৬ দিনক ৮ মাহ বুলি ধৰি) ১২.৫টা প্ৰবন্ধ