From Wikipedia, the free encyclopedia
নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি।[1] নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।[2]
নিগনিৰ পোৱালিক পিংকি(pinky), মতা নিগনিক বাক(buck), আৰু মাইকী নিগনিক দ'(doe) বোলা হয়। ৬-৮ সপ্তাহৰ নিগনিয়ে পিংকি জন্ম দিয়া আৰম্ভ কৰিব পাৰে। নিগনিয়ে একেলগে ৫-১০ৰ গোটত পিংকি জন্ম কৰে।[3]
নিগনিয়ে প্ৰায় নিৰামিষ খাদ্য খোৱা দেখা যায়, কিন্তু প্ৰকৃততে নিগনি সৰ্বভোজী। নিগনিয়ে মৃত নিগনিৰ শ, ফল, গুটি শস্য, আৰু আকালৰ সময়ত নিজৰ নেজো খোৱা দেখা যায়। মাথোঁ গ্ৰাচহোপাৰ নিগনি হে অকল মাংশাহাৰী।[4]
প্ৰাকৃতিক পৰিৱেশত নিগনিয়ে গাইগুটিয়া 'এলেকা' পাতি বাস কৰে। মতা নিগনিৰ এলেকা প্ৰায় মাইকী নিগনিৰ এলেকাতকৈ ডাঙৰ হয়। প্ৰায়ভাগ মাইকী নিগনিৰ এলেকাবোৰ মতা নিগনিৰ এলেকাৰ ভিতৰতে থাকে। মতা নিগনিয়ে নিজৰ ইচ্ছা মতে মাইকী নিগনিৰ এলেকাত প্ৰৱেশ কৰিব পাৰে। এটি মতা নিগনিৰ এলেকাত এজনী বা এজনীতকৈ অধিক মাইকী নিগনিৰ এলেকাও থাকিব পাৰে।[5]
বন্দী অৱস্থাত মাইকী নিগনিবোৰক অধিক সামাজিক দেখা যায়। ২-৩ মাইকী নিগনিক একেলগত ৰাখিলে কোনো কাজিয়া কৰা দেখা নাযায়। যদি একতকৈ অধিক মাইকী নিগনিয়ে একেলগে পিংকি জন্ম দিয়ে, কোনো কাজিয়া নকৰি নিগনিবোৰে পিংকিবোৰক একেলগে ডমাই ভৰণ পোষণ কৰাৰ দায়িত্ব লয়। কিছুমান ব্যৱহাৰৰ বাহিৰে মতা নিগনিৰ ব্যৱহাৰ বনত থকা নিগনিৰ দৰেই।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.