![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/34/Spirale_Ulam_150.jpg/640px-Spirale_Ulam_150.jpg&w=640&q=50)
সংখ্যাতত্ত্ব
গণিতশাস্ত্ৰৰ শাখা / From Wikipedia, the free encyclopedia
সংখ্যাতত্ত্ব (বা পুৰণি প্ৰয়োগমতে পাটীগণিত বা উচ্চ পাটীগণিত; ইংৰাজী: Number theory) হৈছে বিশুদ্ধ গণিতৰ এটা শাখা য'ত অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাৰ মানবিশিষ্ট ফলনৰ বিষয়ে অধ্যয়ন কৰা হয়। জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গাউছে (১৭৭৭-১৮৫৫) কৈছিল, "গণিত শাস্ত্ৰ হৈছে বিজ্ঞানৰ ৰাণী আৰু সংখ্যাতত্ত্ব হৈছে গণিত শাস্ত্ৰৰ ৰাণী"[1] সংখ্যাতত্ত্ববিদসকলে মৌলিক সংখ্যাৰ লগতে অখণ্ড সংখ্যাৰ অন্তৰ্গত বিষয়বস্তু (যেনে পৰিমেয় সংখ্যা) অথবা সৰ্বজনীনতা (যেনে বীজগণিতীয় অখণ্ড সংখ্যা)-ৰ বিষয়ে অধ্যয়ন কৰে। সংখ্যাতত্ত্বই অখণ্ড সংখ্যা প্ৰণালীত স্পষ্ট জটিলতা থকা সত্ত্বেও ইহঁতৰ বৈশিষ্ট্যসমূহৰ অন্বেষণ কৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/3/34/Spirale_Ulam_150.jpg/640px-Spirale_Ulam_150.jpg)
অখণ্ড সংখ্যাসমূহ সমীকৰণৰ সমাধান (ডায়'ফেণ্টাইন জ্যামিতি) হিচাপেও বিবেচনা কৰা হয়। অখণ্ড সংখ্যা, মৌলিক সংখ্যা অথবা অন্য একে ধৰণৰ সাংখ্যিক-তাত্ত্বিক বিষয়(বিশ্লেষণাত্মক সংখ্যা-তত্ত্ব en:analytic number theory)ৰ বৈশিষ্ট্য বা গুণ নিহিত বিশ্লেষণাত্মক বিষয়বস্তুৰ (উদাহৰণস্বৰূপে ৰিমান জিটা ফলন) অধ্যয়নৰ যোগেদি সংখ্যাতত্ত্বক সহজে বুজিব পাৰি। বাস্তৱ সংখ্যাকো পৰিমেয় সংখ্যাৰ সৈতে সংগতি ৰাখি অধ্যয়ন কৰিব পৰা যায়। উদাহৰণস্বৰূপে পৰিমেয় সংখ্যাই দিয়া আসন্ন মানৰ ভিত্তিত সেয়া কৰিব পাৰি।
সংখ্যাতত্ত্বৰ পুৰণি নাম পাটীগণিত। বিংশ শতিকাৰ আৰম্ভণিত ইয়াক "সংখ্যাতত্ত্ব" নাম দিয়া হয়।[note 1] (বুনিয়াদী পাটিগণিতৰ বাবে সৰ্বসাধাৰণে পাটীগণিত শব্দটো ব্যৱহাৰ কৰিছিল; তদুপৰি ই গাণিতিক যুক্তি (Peano arithmetic) আৰু কম্পিউটাৰ বিজ্ঞানত (floating point arithmetic) অন্যান্য অৰ্থও বহন কৰিছে। ) সংখ্যাতত্ত্বৰ বাবে পাটিগণিত শব্দটোৰ ব্যৱহাৰ বিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত কিছু স্থল অৰ্জন কৰিছিল।[note 2]