![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/68/2_The-Amul-trinity_Kurien_Shri-TK-Patel_HM_Dalaya.jpg/640px-2_The-Amul-trinity_Kurien_Shri-TK-Patel_HM_Dalaya.jpg&w=640&q=50)
শ্বেত বিপ্লৱ
ভাৰতত দুগ্ধ উদ্যোগ উন্নয়ন কাৰ্যসূচী / From Wikipedia, the free encyclopedia
১৯৭০ চনৰ ১৩ জানুৱাৰীত আৰম্ভ হোৱা শ্বেত বিপ্লৱ (ইংৰাজী: White revolution) বা অপাৰেচন ফ্লাড (ইংৰাজী: Operation flood) আছিল বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উন্নয়ন কাৰ্যসূচী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ (এনডিডিবি) এক প্ৰভাৱশালী প্ৰকল্প।[1] এই প্ৰকল্পৰ জৰিয়তে ভাৰত গাখীৰৰ অভাৱগ্ৰস্ত দেশৰ পৰা বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশলৈ ৰূপান্তৰিত হয়, আৰু ১৯৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি ২০১৮ চনত বিশ্বৰ উৎপাদনৰ প্ৰায় ২২.২৯ শতাংশ লাভ কৰে৷[2]। ৩০ বছৰৰ ভিতৰতে এই কাৰ্যসূচীয়ে ভাৰতত প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ গাখীৰৰ পৰিমাণ দুগুণ কৰি তোলে[3][4] আৰু দুগ্ধ পালনৰ দিশত ভাৰতক সৰ্ববৃহৎ স্ব-বহনক্ষম গ্ৰাম্য নিয়োগকৰ্তাৰ শাৰীলৈ লৈ যায়৷[5]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/68/2_The-Amul-trinity_Kurien_Shri-TK-Patel_HM_Dalaya.jpg/320px-2_The-Amul-trinity_Kurien_Shri-TK-Patel_HM_Dalaya.jpg)
কৃষকসকলক উন্নয়ন নিৰ্দেশনা দিয়াত সহায় কৰিবলৈ আৰু তেওঁলোকে সৃষ্টি কৰা সম্পদৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। পৰিকল্পনাৰ ৰূপায়ণ জনসাধাৰণৰ উৎপাদনৰ দ্বাৰা সম্ভৱ হৈছিল; আৰু পৰৱৰ্তী কালত এই সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বেত বিপ্লৱ বুলি অভিহিত কৰা হৈছিল। ভাৰতৰ সংগঠিত দুগ্ধ উদ্যোগত যদি এটা প্ৰযুক্তিগত অগ্ৰগতি আহিছিল, তেন্তে সেয়া আছিল ম’হৰ গাখীৰৰ পৰা স্কিম মিল্ক পাউদাৰ তৈয়াৰ কৰাৰ জৰিয়তে। ইয়াক সম্ভৱ কৰি তোলা মানুহজন আছিল হৰিচন্দ মেঘা দলায়া।[6] এই কাৰ্যসূচীৰ সফলতাৰ আঁৰৰ ইঞ্জিন আছিল দুগ্ধ সমবায় আমূলত অনুষ্ঠিত হোৱা আনন্দ পেটাৰ্ণ সম্পৰীক্ষা। [7] আমূলৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ ভাৰ্গিজ কুৰিয়েনক প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে এনডিডিবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। কুৰিয়েনে এই কাৰ্যসূচীক সফলতাৰ শিখৰলৈ লৈ যায় আৰু তেতিয়াৰ পৰাই তেওঁ ভাৰতীয় দুগ্ধ উদ্যোগৰ স্থপতিবিদ হিচাপে স্বীকৃতি লাভ কৰি আহিছে।[8]