আমুল হৈছে ভাৰতৰ সমবায় ভিত্তিক এক দুগ্ধ উৎপাদনকাৰী উদ্যোগ। ই গুজৰাটৰ আনন্দত প্ৰতিষ্ঠা লাভ কৰে। 'আমুল' শব্দটো সংস্কৃতৰ 'অমুল্য' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল মুল্যহীন, যাক কোনো মুল্যৰেও আহৰণ কৰিব নোৱাৰি। আদিতে সমবায়টোক আনন্দ মিল্ক ফেডাৰেচন ইউনিয়ন লিমিটেড(Anand Milk Federation Union Limited) নামে জনা গৈছিল আৰু এই নামটোৰ আদি আখৰ কেইটাৰে AMUL(আমুল) শব্দটো সৃষ্টি কৰা হৈছে।

ক্ষিপ্ৰ তথ্য ধৰণ, উদ্যোগ ...
আমুল (আনন্দ মিল্ক ইউনিয়ন লিমিটেড)
ধৰণ সমবায়
উদ্যোগ দুগ্ধ উৎপাদন
স্থাপিত ১৯৪৬
মুখ্য কাৰ্যালয় আনন্দ, গুজৰাট, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব চেয়াৰমেন, গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Gujarat Co-operative Milk Marketing Federation Ltd.) (GCMMF)
ৰাজহ বৃদ্ধি US$2.15 billion (2012–13)
কৰ্মচাৰীৰ সংখ্যা বাণিজ্যিক বিভাগত ৭৫০ জন কৰ্মচাৰী আৰু ৩ মিলিয়ন দুগ্ধ উৎপাদনকাৰী সদস্য
ৱেবছাইট www.amul.com
বন্ধ কৰক
Thumb
আনন্দত আমূলৰ দুগ্ধ উৎপাদন প্ৰকল্প

১৯৪৬ চনত প্ৰতিষ্ঠিত এই ব্ৰেণ্ডটোক গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড(GCMMF) নামৰ সমাবায় প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰে। এই GCMMF গুজৰাটৰ ৩ মিলিয়ন দুগ্ধ উৎপাদনকাৰী লোকৰ উমৈহতীয়া মালিকীসত্বৰ অধীনৰ প্ৰতিষ্ঠান।

আমুলে ভাৰতত শ্বেত বিপ্লৱ আৰম্ভ কৰি ভাৰতক পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে প্ৰ্তিষ্ঠিত কৰাইছে। আৰু ইয়াৰ লগতে আমুলে ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী সমূহৰ এক বৃহৎ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা লভিবলৈ সক্ষম হৈছে।

ড°ভাৰ্গিজ কুৰিয়েন GCMMF ৰ প্ৰতিষ্ঠাৰে পৰা প্ৰায় ৩০ বছৰকাল(১৯৭৩-২০০৬) চেয়াৰমেন হৈ আছিল। আমুলৰ সফলতাৰ আঁৰত কুৰিয়েনৰ অৱদান আছিল উল্লেখযোগ্য।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.