ভাৰতত দুগ্ধ উদ্যোগ উন্নয়ন কাৰ্যসূচী From Wikipedia, the free encyclopedia
১৯৭০ চনৰ ১৩ জানুৱাৰীত আৰম্ভ হোৱা শ্বেত বিপ্লৱ (ইংৰাজী: White revolution) বা অপাৰেচন ফ্লাড (ইংৰাজী: Operation flood) আছিল বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উন্নয়ন কাৰ্যসূচী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ (এনডিডিবি) এক প্ৰভাৱশালী প্ৰকল্প।[1] এই প্ৰকল্পৰ জৰিয়তে ভাৰত গাখীৰৰ অভাৱগ্ৰস্ত দেশৰ পৰা বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশলৈ ৰূপান্তৰিত হয়, আৰু ১৯৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি ২০১৮ চনত বিশ্বৰ উৎপাদনৰ প্ৰায় ২২.২৯ শতাংশ লাভ কৰে৷[2]। ৩০ বছৰৰ ভিতৰতে এই কাৰ্যসূচীয়ে ভাৰতত প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ গাখীৰৰ পৰিমাণ দুগুণ কৰি তোলে[3][4] আৰু দুগ্ধ পালনৰ দিশত ভাৰতক সৰ্ববৃহৎ স্ব-বহনক্ষম গ্ৰাম্য নিয়োগকৰ্তাৰ শাৰীলৈ লৈ যায়৷[5]
কৃষকসকলক উন্নয়ন নিৰ্দেশনা দিয়াত সহায় কৰিবলৈ আৰু তেওঁলোকে সৃষ্টি কৰা সম্পদৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। পৰিকল্পনাৰ ৰূপায়ণ জনসাধাৰণৰ উৎপাদনৰ দ্বাৰা সম্ভৱ হৈছিল; আৰু পৰৱৰ্তী কালত এই সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বেত বিপ্লৱ বুলি অভিহিত কৰা হৈছিল। ভাৰতৰ সংগঠিত দুগ্ধ উদ্যোগত যদি এটা প্ৰযুক্তিগত অগ্ৰগতি আহিছিল, তেন্তে সেয়া আছিল ম’হৰ গাখীৰৰ পৰা স্কিম মিল্ক পাউদাৰ তৈয়াৰ কৰাৰ জৰিয়তে। ইয়াক সম্ভৱ কৰি তোলা মানুহজন আছিল হৰিচন্দ মেঘা দলায়া।[6] এই কাৰ্যসূচীৰ সফলতাৰ আঁৰৰ ইঞ্জিন আছিল দুগ্ধ সমবায় আমূলত অনুষ্ঠিত হোৱা আনন্দ পেটাৰ্ণ সম্পৰীক্ষা। [7] আমূলৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ ভাৰ্গিজ কুৰিয়েনক প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে এনডিডিবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। কুৰিয়েনে এই কাৰ্যসূচীক সফলতাৰ শিখৰলৈ লৈ যায় আৰু তেতিয়াৰ পৰাই তেওঁ ভাৰতীয় দুগ্ধ উদ্যোগৰ স্থপতিবিদ হিচাপে স্বীকৃতি লাভ কৰি আহিছে।[8]
অপাৰেচন ফ্লাড হৈছে এটা বিশেষ কাৰ্যসূচী যিয়ে "শ্বেত বিপ্লৱ"ৰ সূচনা কৰিছিল। ই সমগ্ৰ ভাৰতৰ উৎপাদকসকলক ৭০০ৰো অধিক চহৰ আৰু নগৰৰ গ্ৰাহকৰ সৈতে সংযোগ কৰে আৰু ঋতুভিত্তিক তথা আঞ্চলিক মূল্যৰ তাৰতম্য হ্ৰাস কৰাৰ লগতে মধ্যভোগীসকলক নিৰ্মূল কৰি উৎপাদকসকলে লাভৰ এটা ডাঙৰ অংশ লাভ কৰাটো নিশ্চিত কৰে৷ পৰ্যায়ক্ৰমে এক ৰাষ্ট্ৰীয় গাখীৰ গ্ৰীডৰো সৃষ্টি হয়। অপাৰেচন ফ্লাডৰ মূলাধাৰ হৈছে গাঁৱৰ গাখীৰ উৎপাদক সমবায় সমাজবোৰ, যিয়ে গাখীৰ ক্ৰয় কৰে আৰু আনুষংগিক সেৱাসমূহ প্ৰদান কৰে৷ ইয়াৰ ফলত সকলো সদস্যৰ বাবে আধুনিক ব্যৱস্থাপনা আৰু প্ৰযুক্তি উপলব্ধ হয়।
অপাৰেচন ফ্লাডৰ উদ্দেশ্যসমূহৰ ভিতৰত আছিল:-
প্ৰথম পৰ্যায়ৰ কালছোৱা আছিল ১৯৭০ চনৰ পৰা ১৯৮০ লৈকে৷ ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (European Economic Community,EEC)য়ে বিশ্ব খাদ্য কাৰ্যসূচী (WFP)ৰ জৰিয়তে দান কৰা স্কিমড মিল্ক পাউদাৰ আৰু মাখনৰ তেল বিক্ৰীৰ দ্বাৰা বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। এনডিডিবিয়ে এই কাৰ্যসূচীৰ পৰিকল্পনা কৰিছিল আৰু ইইচিৰ সহায়ত সবিশেষ আলোচনা কৰিছিল। এই পৰ্যায়ত অপাৰেচন ফ্লাডে ভাৰতৰ ১৮টা প্ৰধান দুগ্ধশালাক ভাৰতৰ প্ৰধান মহানগৰ দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইৰ গ্ৰাহকৰ সৈতে সংযোগ কৰি চাৰিখন মেট্ৰ'ত মাতৃ দুগ্ধ কেন্দ্ৰ স্থাপন কৰে।[9] অপাৰেচন ফ্লাড-১ প্ৰথমাৱস্থাত ১৯৭৫ চনত সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও অৱশেষত ই ১৯৭৯ চনৰ শেষলৈকে চলিছিল, যাৰ মুঠ ব্যয় আছিল ১.১৬ বিলিয়ন টকা।[10] ১৯৭০ চনত অপাৰেচন ফ্লাড-১ৰ আৰম্ভণিতে কাৰ্যসূচীসমূহ ৰূপায়ণৰ বাবে কিছুমান লক্ষ্য লক্ষ্য ৰখা হৈছিল[10] :
বিপণনৰ জৰিয়তে মহানগৰ মুম্বাই (তেতিয়াৰ বোম্বাই), কলকাতা (তেতিয়াৰ কলিকতা), চেন্নাই (তেতিয়াৰ মাদ্ৰাজ), দিল্লীত সংগঠিত দুগ্ধ খণ্ডৰ উন্নতি সাধন কৰা,
গাখীৰৰ বজাৰত উৎপাদকৰ অংশীদাৰিত্ব বৃদ্ধি,
উৎপাদন আৰু ক্ৰয় দুয়োটা বৃদ্ধিৰ বাবে গ্ৰামাঞ্চলত দুগ্ধজাত পশুৰ বিকাশ ক্ষিপ্ৰ কৰি তোলা
অপাৰেচন ফ্লাডৰ দ্বিতীয় পৰ্যায়ত (১৯৮১–১৯৮৫) দুগ্ধশালাৰ সংখ্যা ১৮ৰ পৰা ১৩৬টালৈ বৃদ্ধি কৰা হয়৷ ১৯৮৫ চনৰ শেষলৈকে ৪,২৫০,০০০ গাখীৰ উৎপাদনকাৰী থকা ৪৩,০০০ খন গাঁৱক সমবায়ৰ আত্মনিৰ্ভৰশীল ব্যৱস্থাৰ সৈতে সামৰি লোৱা হয়। প্ৰকল্পৰ পূৰ্বে বৰ্ষত ঘৰুৱা পাউদাৰ গাখীৰৰ উৎপাদন ২২,০০০ টনৰ পৰা ১৯৮৯ চনলৈকে ১ লাখ ৪০ হাজাৰ টনলৈ বৃদ্ধি পায়৷ আৰু এই সকলোবোৰ বৃদ্ধি অপাৰেচন ফ্লাডৰ অধীনত স্থাপন কৰা দুগ্ধ উদ্যোগৰ পৰা আহিছে। এইদৰে ইইচিৰ পৃষ্ঠপোষকতা আৰু বিশ্ব বেংকৰ ঋণে আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাত সহায় কৰিছিল। উৎপাদনকাৰী সমবায়সমূহে গাখীৰৰ প্ৰত্যক্ষ বিপণন দিনটোত কেইবা নিযুত লিটাৰ বৃদ্ধি কৰাইছে।[9]
তৃতীয় পৰ্যায় (১৯৮৫–১৯৯৬)ত দুগ্ধ সমবায়সমূহক প্ৰয়োজনীয় আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু শক্তিশালী কৰিবলৈ সক্ষম কৰি তোলা হৈছিল, যাৰ দ্বাৰা তেওঁলোকে পূৰ্বতকৈ অধিক মাত্ৰাত দুগ্ধ সংগ্ৰহ আৰু বিপণন কৰিব পাৰে। সমবায় সদস্যসকলৰ বাবে পশু চিকিৎসা প্ৰাথমিক চিকিৎসা স্বাস্থ্যসেৱা, খাদ্য, আৰু কৃত্ৰিম প্ৰজনন সেৱা বৃদ্ধি কৰা হৈছিল, লগতে সদস্যৰ শিক্ষা তীব্ৰতৰ কৰা হৈছিল। অপাৰেচন ফ্লাডৰ তৃতীয় পৰ্যায়ে ভাৰতৰ দুগ্ধ সমবায় আন্দোলনক একত্ৰিত কৰি দ্বিতীয় পৰ্যায়ৰ সময়ছোৱাত সংগঠিত ৪৩ হাজাৰ সমবায়ৰ সৈতে নতুনকৈ ৩০ হাজাৰ দুগ্ধ সমবায় সংযোজন কৰে। ১৯৮৮–৮৯ চনত দুগ্ধশালাৰ সংখ্যা ১৭৩ টা শীৰ্ষত উপনীত হয়৷ মহিলা সদস্য আৰু মহিলা দুগ্ধ সমবায় সমিতিৰ সংখ্যাও সমান্তৰালভাৱে যথেষ্ট বৃদ্ধি পায়। তৃতীয় পৰ্যায়ত পশুৰ স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰতো গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰা হয়। প্ৰটিন খাদ্য আৰু ইউৰিয়া-মলাছ খনিজ ব্লক বাইপাছ কৰি থেইলেৰিয়াছিছৰ ভেকচিনৰ দৰে উদ্ভাৱনে গাখীৰ উৎপাদনকাৰী জীৱ-জন্তুৰ উৎপাদনশীলতা বৃদ্ধিত অৰিহণা যোগাইছিল।
অপাৰেচন ফ্লাডৰ সফলতাৰ আঁৰত থকা মুখ্য বৈশিষ্ট্যসমূহ হৈছে:
প্ৰকল্পটোৰ সমালোচকসকলে যুক্তি আগবঢ়ায় যে আমদানিকৃত জাতৰ গৰু-ম’হৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত ভাৰতীয় জাতৰ গৰু-ম’হৰ ধ্বংস হৈছে। বিদেশী জাতবোৰে অধিক উৎপাদন দিয়ে, কিন্তু ইহঁতক অধিক খাদ্যৰ প্ৰয়োজন হয় আৰু ভাৰতীয় অৱস্থাৰ লগত খাপ নাখায়।[11][12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.