শিখ
From Wikipedia, the free encyclopedia
শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ (ইংৰাজী উচ্চাৰণ: /ˈsiːk/ or /ˈsɪk/; পঞ্জাবী: ਸਿੱਖ, sikkh [ˈsɪkkʰ]) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".[2][3]। ১৫ শতাব্দীতে ভাৰতৰ পঞ্জাব প্ৰদেশত এজন শিখ গুৰুৰ অনুসাৰী এই ধৰ্মৰ আৰম্ভণি হয়। এজন শিখধৰ্মৰ লোকক চিনি উলিয়াবলৈ উপায় হ’ল পাঁচটা "ক" ৰে বুজোৱা হয়; ১- কেশ (চুলি)। ২-কাৰা(শিখসকলে বাওঁহাতত পিন্ধা বিশেষ বন্ধনী)। ৩-কৃপাণ (সৰু এক প্ৰকাৰৰ তৰবাৰি)। ৪-কাশেৰা (বিশেষ ধৰণৰ অন্তৰ্বাস)। ৫-কঙ্গ (পাগুৰীৰ লগত থকা চিৰুনী)। এই চিহ্নবোৰ তেওঁলোকে বিশেষ ধৰ্মীয় নিয়ম হিচাপে মানি চলে। ইয়াৰ বাহিৰে মুখভৰ্ত্তি দাড়ি, পাগুৰী বা বাওঁহাতত ব্ৰেছলেট দেখিলেই অনায়সে এজন শিখক চিহ্নিত কৰা সম্ভৱ। ব্ৰেছলেটডালক পঞ্জাবী ভাষাত "কাৰা" বোলা হয়। ইয়াৰ বাহিৰে তেওঁলোকৰ অধিকাংশ পুৰুষৰ নামে "সিং" (সিংহ) আৰু নাৰীসকলৰ নাম "কাউৰ" (ৰাজকন্যা) উপাধি থাকে। শিখসকলৰ অধিকাংশই বসবাস কৰে ভাৰতৰ পঞ্জাব এলেকাত। অৱশ্যে পৃথিৱীৰ বিভিন্ন অঞ্চলতো তেওঁলোকৰ বিস্তৃতি আছে।
নিচান চাহিব, শিখসকলৰ ধৰ্মীয় নিচান | |
মুঠ জনসংখ্যা | |
---|---|
৩০,০০০,০০০ কোটি (৩০ মিলিয়ন)[1] | |
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
ধৰ্ম | |
শিখ ধৰ্ম | |
ধৰ্মগ্ৰন্থ | |
গুৰু গ্ৰন্থ চাহেব | |
ভাষা | |
হিন্দী, পঞ্জাবী |