শিক্ষা
জ্ঞান আৰু দক্ষতাৰ সঞ্চাৰণ / From Wikipedia, the free encyclopedia
ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে:[1]
- জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা,
- শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায়
- ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা,
- মানসিক উৎকৰ্ষ সাধন।
এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা (cognitive cartography), যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংগলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে।
সম্যক অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]