যোৰহাট জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো জিলাখনৰ বিষয়ে। একে নামৰ সদৰ স্থানৰ বাবে যোৰহাট চাওক।
যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়।[2] পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।[3] জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অবিভক্ত যোৰহাট জিলাৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।[1]
ক্ষিপ্ৰ তথ্য যোৰহাট জিলা, দেশ ...
যোৰহাট জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত যোৰহাটৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | উজনি অসম |
সদৰ | যোৰহাট |
মহকুমা | যোৰহাট, তিতাবৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | যোৰহাট, কলিয়াবৰ |
- বিধানসভা সমষ্টি | দেৰগাঁও (৯৭), যোৰহাট (৯৮), তিতাবৰ (১০০), মৰিয়নি (১০১), টিয়ক (১০২) |
মাটিকালি | |
- মুঠ | ২,৮৫১ কি.মি.২ (১,১০০.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১০,৯২,২৫৬ জন |
- জনঘনত্ব | ৩৮৩.১ প্ৰতি বৰ্গ কি.মি. (৯৯২.৩ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৮২.১৫%[1] |
- লিংগ অনুপাত | ৯৬২[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26.75°N 94.2167°E / 26.75; 94.2167 |
গড় বাৰ্ষিক বৰ্ষাপাত | ২,০২৯ মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক