মোহনদাস কৰমচান্দ গান্ধী
ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক নেতা / From Wikipedia, the free encyclopedia
মোহনদাস কৰমচান্দ গান্ধী (গুজৰাটী: મોહનદાસ કરમચંદ ગાંધી; ইংৰাজী: Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়।[1] তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক 'মহান আত্মা')[2] নামেৰেও জনা যায়। ভাৰতীয়সকলে তেখেতক জাতিৰ পিতাৰ মৰ্যাদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।
মোহনদাস কৰমচান্দ গান্ধী | |
---|---|
১৯৪০ চনৰ মহাত্মা গান্ধী | |
জন্ম | ২ অক্টোবৰ, ১৮৬৯ পোৰবন্দৰ, গুজৰাট |
মৃত্যু | ৩০ জানুৱাৰী, ১৯৪৮ (৭৮ বছৰ) নতুন দিল্লী, ভাৰত |
মৃত্যুৰ কাৰণ | হত্যা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | মহাত্মা গান্ধী, জাতিৰ পিতা, বাপু |
শিক্ষা | ইউনিভাৰ্চিটি কলেজ, লণ্ডন |
জনা যায় | ভাৰতীয় স্বাধীনতা আন্দোলন |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসঙ্গী | কস্তুৰবা গান্ধী |
সন্তান | হৰিলাল, মণিলাল, ৰামদাস, দেৱদাস |
আত্মীয়-স্বজন | গান্ধী পৰিয়াল |
স্বাক্ষৰ | |
গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত ব্ৰিটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত দাণ্ডী যাত্ৰা নিমখ তৈয়াৰ কৰি ব্ৰিটিছ আইন উলংঘা কৰা কাৰ্য বিশেষভাৱে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাতো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।
গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যৱহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদ্গণি দিছিল। সাবৰমতী আশ্ৰমত অত্যন্ত সাধাৰণভাৱে থকা গান্ধীয়ে হাতেকটা সূতাৰে তৈয়াৰী আঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ ঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যৱহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামিষাহাৰী গান্ধীয়ে প্ৰায়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে অনশন কৰিছিল।