স্বৰাজ
From Wikipedia, the free encyclopedia
স্বৰাজ (ইংৰাজী: Swarajহিন্দী: स्वराज; স্ব- "নিজ", ৰাজ "শাসন") বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে[1] ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল।[2] স্বৰাজে শাসনৰ ওপৰত গুৰুত্ব দিয়ে, পদানুক্ৰমিক চৰকাৰৰ দ্বাৰা নহয়, ব্যক্তি আৰু সমাজ নিৰ্মাণৰ যোগেৰে আত্মশাসনৰ দ্বাৰা। ইয়াৰ মূল গুৰুত্ব হৈছে ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ ওপৰত।[3] যিহেতু এয়া ব্ৰিটেইনে অনুসৰণ কৰা ৰাজনৈতিক আৰু সামাজিক প্ৰণালীৰ বিপৰীত, গান্ধীৰ স্বৰাজৰ ধাৰণাটোৱে ব্ৰিটিছ ৰাজনৈতিক, অৰ্থনৈতিক, আমোলা তান্ত্ৰিক, আইনী, সামৰিক আৰু শিক্ষা প্ৰতিষ্ঠান বৰ্জনত ভাৰতৰ সপক্ষে আছিল।[4] এছ সত্যমূৰ্তি, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু আদি ভিন্ন আদৰ্শৰ স্বৰাজ-অনুগামী আছিল,যিসকলে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল ভেটি স্থাপন কৰিছিল।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/e/ea/Dayananda_Saraswati.jpg/220px-Dayananda_Saraswati.jpg)
যদিও গান্ধীৰ স্বৰাজৰ পূৰ্ণ-কাৰ্যকৰীকৰণৰ লক্ষ্য প্ৰাপ্ত হোৱা নাছিল, ইয়াৰ বাবে তেওঁ স্থাপন কৰা স্বেচ্ছামূলক কৰ্ম সংগঠনবোৰে মানুহৰ আন্দোলন, ভাৰতৰ বিভিন্ন ঠাইত গঢ়ি উঠা স্বেচ্ছাসেৱী সংগঠন আৰু কিছুমান বেচৰকাৰী সংস্থাৰ বাবে পূৰ্ববৰ্ধিত আৰু আদৰ্শ আৰ্হি বা মডেল হিচাপে কাম কৰিছিল।[5]জয়প্ৰকাশ নাৰায়ণ, উদিত স্বৰাজ আৰু ভূদান আন্দোলনৰ নেতৃত্বত অত্যাচাৰী স্থানীয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হোৱা শিক্ষাৰ্থী আন্দোলনো স্বৰাজৰ ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল,যি গোটেই ভাৰতত ভূমি সংস্কাৰ আইনৰ দাবী পূৰ্বনিৰ্ধাৰিত কৰিছিল, আৰু যাৰ ফলত ভাৰতে ভূমি কাৰ্যভাৰ আৰু সামাজিক সংগঠনৰ জমিদাৰী প্ৰণালী বৰ্জন কৰিছিল।