ভাৰতীয় মুষ্টিযোদ্ধা From Wikipedia, the free encyclopedia
মেৰী কম (ইংৰাজী: Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।[1] তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত (World Amateur Boxing Championship) শ্ৰেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্টিযোদ্ধা প্ৰতিযোগিতাৰ প্ৰত্যেকখনতে পদকজয়ী একমাত্ৰ মহিলা মুষ্টিযোদ্ধা।[2] তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্ৰাম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা মুষ্টিযোদ্ধা। AIBA-ৰ ৰেংকিঙত সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ।[3] ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ মহিলা মুষ্টিযুদ্ধৰ ৫১ কিলোগ্ৰাম শ্ৰেণীত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।[4] ২০২০ চনত মেৰী কমক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।[5][6]
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এম চি মেৰী কম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১১ চনত ভাৰতস্থ ব্ৰিটিছ হাই কমিশ্যনত ভাষণ দিয়া অৱস্থাত মেৰী কম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পৰিসংখ্যা | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন পৰ্যায় | ৫১ কিলোগ্ৰাম | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৫৮ মিটাৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জাতীয়তা | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৪ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্মস্থান | কান্গাথাই, মণিপুৰ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
মণিপুৰৰ কাংগ্থাইত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্তে তন্পা কম আৰ মাক মাংগ্তে আখাম কমে ঝুম খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল।[7] তেওঁ প্ৰাথমিক শিক্ষা আৰু ষষ্ঠ শ্ৰেণীলৈকে মৈৰাঙৰ লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্ৰেণীলৈকে মৈৰাঙৰে ছেইণ্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্ৰেণী অদিমজাতি হাইস্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্ৰিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰীক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে "চুৰাচন্দপুৰ কলেজ"ৰ পৰা স্নাতকতা লাভ কৰে।[1] এথেলেটিকচত তেওঁৰ সৰুৰেপৰাই আগ্ৰহ আছিল যদিও ডিংক' সিঙৰ সফলতা দেখাৰ পাছতহে তেওঁ বক্সিঙৰ প্ৰতি অনুপ্ৰাণীত হয় আৰু ২০০২ চনত বক্সাৰ হিচাবে আত্মপ্ৰকাশ কৰে।[8]
তেওঁৰ পতি কে. অনকাৰ কম, আৰুৰেচুংভাৰ আৰু খাম্পেনিভাৰ নামৰ দুজন যমজ পুত্ৰ আছে।[9][10] ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।
প্ৰথম অৱস্থাত কমে বক্সিঙৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল, কাৰণ ইয়াক মহিলাৰ বাবে উপযুক্ত খেল বুলি ভবা নহয়। কিন্তু ২০০০ চনত মণিপুৰ ৰাজ্যিক মহিলা বক্সিং চেম্পিয়নশ্বিপত খিতাপ লাভ কৰাৰ পাছত তেওঁ ৰাজহুৱাভাবে জনাজাত হৈ পৰে, দেউতাকেও খবৰ কাকতত তেওঁৰ ফটো দেখি এই কথা গম পালে। পশ্চিম বংগত আঞ্চলিক খিতাপ অৰ্জন কৰাৰ পাছৰেপৰাই ১৮ বছৰীয়া কমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা আৰম্ভ কৰে। তেতিয়ালৈ তেওঁ খেলিবলৈ আৰম্ভ কৰা মাত্ৰ এবছৰহে হৈছিল। তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০০১ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা প্ৰথম AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত ৪৫ কিলোগ্ৰাম শিতানত তেওঁ ৰূপৰ পদক লাভ কৰে। পাচৰবাৰ তুৰ্কীত অনুষ্ঠিত ২০০২ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা দ্বিতীয় AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত একে শিতানত তেওঁ সোণৰ পদক অৰ্জন কৰে।[8]
২০০৩ত ভাৰতত অনুষ্ঠিত এচিয়া মহিলা মুষ্টিযুদ্ব খিতাপত ৪৫ কি.গ্ৰা. শিতানত - পাছৰ তিনিবছৰো তেওঁ এই শিতানতে প্ৰতিদ্বন্দ্বিতা কৰিব - সোণৰ পদক অৰ্জন কৰে আৰু উৎকৃষ্ট ক্ৰিড়া প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ অৰ্জুন বঁটা লাভ কৰে। ২০০৪ত তেওঁ নৰৱেত অনুষ্ঠিত মহিলাৰ বিশ্বকাপ মুষ্টিযুদ্ধত সোণ, ২০০৫-অত পুনৰ টাইৱানত অন্ষ্ঠিত এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ, আৰু পুনৰ ২০০৫ চনতে ৰাচিয়াত অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। পাচৰ বছৰ ডেনমাৰ্কত ভেনাচ ৱ'মেন্ছ বক্স কাপ অত সোণৰ পদক আৰু পুনৰ ভাৰতত অনুষ্ঠিত ২০০৬ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। দুৰ্ভাগ্যবশতঃ বিশ্ব খিতাপৰ প্ৰতিযোগিতাত তেওঁ পদকৰ পৰা বঞ্চিত হ'বলগা হ'ল, কাৰট অসুস্থতাৰ বাবে খেলখন ২য় ৰাউণ্ডতে সমাপত কৰিব লগীয়া হয়। তেতিয়ালৈকে কমে ১৯-৪ পইণ্টত আগবাঢ়ি আছিল।[8]
দুই বছৰ অৱকাশৰ অন্তত মেৰী কম পুনৰ বক্সিং ৰিঙলৈ উভতি আহে। তেওঁ ভাৰতত ২০০৮ চনৰ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ[11] আৰু চীনত ২০০৮ চনৰ AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত চতুৰ্থটো ক্ৰমিক স্বৰ্ণপদক জয় কৰে।[12] ২০০৯ চনত তেওঁ ভিয়েটনামত এচীয় ইনড'ৰ গেমচৰ মুষ্টিযুদ্ধ শিতানত সোণৰ পদক পায়।[উদ্ধৃতিৰ প্ৰয়োজন][11]
২০১০ চনত কমে কাজাখস্তানৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক[11], আৰু তাৰ পাচত ২০১০ চনতে বাৰ্বাড'চৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।[13] ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়। [উদ্ধৃতিৰ প্ৰয়োজন] ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে [উদ্ধৃতিৰ প্ৰয়োজন] আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত মংগোলীয়াত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।[14]
২০১০ চনৰ ৩ অক্টোবৰ তাৰিখৰ দিনা দিল্লীত অনুষ্ঠিত হোৱা কমনৱেল্থ গেমচৰ উদ্বোদ্ধনী অনুষ্ঠানত কুইন্চ বেটন কঢ়িয়াবলৈ বিজেন্দৰ সিঙৰ লগতে কমকো মনোনীত কৰা হয়।[15][16] কমে প্ৰত্যাখ্যান কৰে, কাৰণ কমনৱেল্থ গেমচত মুষ্টিযুদ্ধ প্ৰতিযোগিতা অন্তৰ্ভুক্ত নহয়।
পাঁচবাৰ বিশ্ব খিতাপ অৰ্জা মেৰীয়ে ৪৮ কিলোগ্ৰাম আৰু ৪৬ কিলোগ্ৰাম শ্ৰেণীত অনেক পদক অৰ্জন কৰে। কিন্তু বিশ্ব পৰ্যায়ত ৫১ কিলোগ্ৰামক বক্সিঙৰ নিম্নতম শ্ৰেণী বুলি ধৰিবলৈ থিৰাং কৰাৰ পাছত তেওঁ ২ কিলোগ্ৰাম ওজন বঢ়াবলৈ বাধ্য হয়।
২০১২ চনৰ AIBA বিশ্ব মুষ্টিযুদ্ধ খিতাপৰ প্ৰতিযোগিতা মেৰীৰ বাবে বিশেষ আছিল। ইয়াত তেওঁ কেৱল খিতাবৰ বাবেই নহয়, কিন্ত ২০১২ চনৰ লণ্ডন চামাৰ অলিম্পিকৰ বাছনিৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাৰ মুষ্টিযুদ্ধক অন্তৰ্ভুক্ত কৰা হয়। ৫১ কিলোগ্ৰাম শ্ৰেণীত তেওঁ কোৱাৰ্টাৰ ফাইনেলত ইংলণ্ডৰ নিকোলা আডামচৰ হাতত পৰাস্ত (এই প্ৰতিযোগিতাৰ এইখনেই প্ৰথম য'ত মেৰীয়ে কোনো পদক নাপালে) হয় যদিও লণ্ডন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিৰ্বাচিত হয়। মেৰীয়েই লণ্ডন অলিম্পিকৰ বক্সিঙৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা।[17]
মেৰীৰ লগতে লণ্ডনলৈ তেওঁৰ মাক[18], পতি [উদ্ধৃতিৰ প্ৰয়োজন] আৰু আমেৰিকান শিক্ষক (coach) চাৰ্লচ আট্কিন্চন যায়। অৱশ্যে চাৰ্লচ আট্কিন্চন অলিম্পিক ভিলেজত থাকিবলৈ সক্ষম নহ'ল, কাৰণ তেওঁৰ এচচিয়েচনৰ বাধ্যতামূলক AIBA ৰ ৩ ষ্টাৰ চাৰ্টিফিকেট নাছিল।[19]
৫ আগষ্ট ২০১২ -অত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিক মুষ্টিযুদ্ধ খেলত মেৰীয়ে পোলেণ্ডৰ কেৰলিনা মিচেলচ্জাক (Karolina Michalczuk)-অক ১৯-১৪ -অত পৰাস্ত কৰে।[20][21] পাছৰ দিনা কোৱাৰ্টাৰ ফাইনেলত মেৰীয়ে টিউনিচিয়াৰ মাৰুৱা ৰাহেলীক (Maroua Rahali) ১৫-৬ -ত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।[22] ৮ আগষ্ট ২০১২ চনত অনুষ্ঠিত হোৱা চেমি ফাইনেলৰ খেলখনত তেওঁ ইংলণ্ডৰ নিক'লা আডামচৰ হাতত ৬-১১ অত পৰাস্ত হয় যদিও তৃতীয় স্থানত থকাৰ বাবে তেওঁৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত হয়।[23][24][25]
বৰ্ষ | স্থান | ওজন | প্ৰতিযোগিতা | প্ৰতিযোগিতাৰ স্থান |
---|---|---|---|---|
2001 | দ্বিতীয় | 48 | Women's World Amateur Boxing Championships | Scranton, Pennsylvania, আমেৰিকা যুক্তৰাষ্ট্ৰ |
2002 | প্ৰথম | 45 | Women's World Amateur Boxing Championships | আন্তাল্যা, তুৰ্কী |
2002 | প্ৰথম | 45 | Witch Cup | Pécs, হাংগেৰী |
2003 | প্ৰথম | 46 | Asian Women’s Championships | হিছাৰ, ভাৰত |
2004 | প্ৰথম | 46 | Women’s World Cup | Tønsberg, নৰৱে |
2005 | প্ৰথম | 46 | Asian Women’s Championships | Kaohsiung, টাইৱান |
2005 | প্ৰথম | 46 | Women's World Amateur Boxing Championships | প'ড'লস্ক, ৰাছিয়া |
2006 | প্ৰথম | 46 | Women's World Amateur Boxing Championships | নতুন দিল্লী, ভাৰত |
2006 | প্ৰথম | 46 | Venus Women’s Box Cup | ভেজেল, ডেনমাৰ্ক |
2008 | প্ৰথম | 46 | Women's World Amateur Boxing Championships | নিংব', চীন |
2008 | দ্বিতীয় | 46 | Asian Women’s Championships | গুৱাহাটী, ভাৰত |
2009 | প্ৰথম | 46 | Asian Indoor Games | হানয়, ভিয়েটনাম |
2010 | প্ৰথম | 48 | Women's World Amateur Boxing Championships | ব্ৰিজটাউন, বাৰ্বাড'চ |
2010 | প্ৰথম | 46 | Asian Women’s Championships | আস্তানা, কাজাখাস্তান |
2010 | তৃতীয় | 51 | Asian Games | গোৱাংজো, চীন |
2011 | প্ৰথম | 48 | Asian Women’s Cup | হাইকো, চীন |
2012 | প্ৰথম | 51 | Asian Women's Championships | উলান বাট'ৰ, মংগোলীয়া |
2012 | তৃতীয় | 51 | (চামাৰ) অলিম্পিক গেমচ | লণ্ডন, ইংলণ্ড |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.