মাতৃতান্ত্ৰিক ধৰ্ম
From Wikipedia, the free encyclopedia
কোনো এক বা একাধিক দেৱীৰ ওপৰত গুৰুত্ব দিয়া ধৰ্ম হৈছে মাতৃতন্ত্ৰ ধৰ্ম বা মাতৃতান্ত্ৰিক ধৰ্ম।[1] এই শব্দটো প্ৰাগঐতিহাসিক মাতৃতন্ত্ৰ ধৰ্মৰ তত্ত্বসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিবোৰ জোহান জেকব বাচোফেন, জেন এলেন হেৰিছন আৰু মাৰিজা গিমবুটাছৰ দৰে পণ্ডিতে প্ৰস্তাৱ কৰিছিল আৰু পিছলৈ দ্বিতীয় ঢৌৰ নাৰীবাদে জনপ্ৰিয় কৰি তুলিছিল। বিংশ শতিকাত এই প্ৰথাসমূহ পুনৰুজ্জীৱিত কৰাৰ ফলত দেৱী আন্দোলন (ইংৰাজী: Goddess movement) হয়।