দেৱী আন্দোলন
From Wikipedia, the free encyclopedia
দেৱী আন্দোলন (ইংৰাজী: Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা আচাৰক (মূলতঃ নিওপেগান বা নব্যবিধৰ্মবাদ, ইংৰাজী: Neopagan) বুজা যায়। ১৯৭০ৰ দশকত প্ৰধানকৈ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াৰ উদ্ভৱ হৈছিল। [1] এই আন্দোলন পুৰুষপ্ৰধান হিচাপে সংগঠিত ধৰ্মৰ ধাৰণাসমূহৰ প্ৰতিক্ৰিয়া হিচাপে বৃদ্ধি পাইছিল।[2] দেৱী আন্দোলনত দেৱী উপাসনা কৰা হয় আৰু নাৰীৰ ওপৰত, বা এক বা একাধিক নাৰীত্ব বা লিংগৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
দেৱী আন্দোলন হৈছে নব্যবিধৰ্মবাদ বা নিওপেগানৰ এক ব্যাপক কিন্তু অ-কেন্দ্ৰীভূত প্ৰৱণতা। সেয়েহে ইয়াত বিশ্বাসৰ কোনো কেন্দ্ৰীভূত ধাৰণা নাই।[3] পূজা কৰা দেৱীৰ নাম আৰু সংখ্যাৰ পৰা দেৱী আন্দোলনত ব্যৱহৃত নিৰ্দিষ্ট ৰীতি-নীতি বা প্ৰথাসমূহ ব্যাপকভাৱে পৃথক হয়। উদাহৰণস্বৰূপে, ডায়েনিক ৱিক্কা বা ডায়েনিক ডাইনীবিদ্যাত কেৱল দেৱীসকলক উপাসনা কৰা হয় যদিও আন ধৰ্ম বা পৰম্পৰাত এনে কৰা নহয়। ধৰ্মবিশ্বাসৰ এই পন্থাসমূহে একেশ্বৰবাদীৰ পৰা বহুধৰ্মী পন্থালৈকে বিভিন্ন ধৰ্মীয় প্ৰকাৰক সামৰি লয়। সাধাৰণ বহুত্ববাদী বিশ্বাসৰ অৰ্থ হৈছে যে এজন স্ব-পৰিচিত দেৱী উপাসকে তাত্ত্বিকভাৱে সমগ্ৰ বিশ্বৰ সংস্কৃতিৰ পৰা যিকোনো সংখ্যক বিভিন্ন দেৱীক উপাসনা কৰিব পাৰে।[4][5] ইয়াৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি দেৱী আন্দোলনক সাংস্কৃতিক ধৰ্মীয়তাৰ এক প্ৰকাৰ বুলিও কোৱা হয় আৰু ই বৈচিত্ৰ্যপূৰ্ণ, ভৌগোলিকভাৱে বিস্তৃত আৰু অধিক গতিশীল।[6]