![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/7/77/%25E0%25A6%25AD%25E0%25A7%2588%25E0%25A7%25B0%25E0%25A7%25B1%25E0%25A7%2580_%25E0%25A6%25AE%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A6%25E0%25A6%25BF%25E0%25A7%25B0.jpg/640px-%25E0%25A6%25AD%25E0%25A7%2588%25E0%25A7%25B0%25E0%25A7%25B1%25E0%25A7%2580_%25E0%25A6%25AE%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A6%25E0%25A6%25BF%25E0%25A7%25B0.jpg&w=640&q=50)
ভৈৰৱী মন্দিৰ
তেজপুৰ নগৰত অৱস্থিত মন্দিৰ / From Wikipedia, the free encyclopedia
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল[1]। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে। ভৈৰৱীৰপৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে।[2]
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |