কলিবাৰী
From Wikipedia, the free encyclopedia
কলিবাৰী (ইংৰাজী: Kolibari) তেজপুৰ নগৰত অৱস্থিত এখন ঠাই৷ কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷[1] শিৱসাগৰৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চাৰিজন পুত্ৰৰ সৈতে নাৱেৰে ভটিয়াই আহি তেওঁ তেজপুৰত থিতাপি লৈছিল৷ নাও চলোৱাত পাৰ্গত কলিবুঢ়ীক ৰজাই এটা ঘাট প্ৰদান কৰিছিল৷ পিছলৈ সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হয় আৰু ঘাটৰ নামৰ পৰাই অঞ্চলটোৰ নাম কলিবাৰী হয়গৈ৷
আন এক তথ্যমতে কলিবাঈ নামৰ এগৰাকী পোহাৰীৰ নামেৰে ঠাইখনৰ নাম কলিবাৰী হয়। হেমচন্দ্ৰ গোস্বামীয়ে যেতিয়া তেজপুৰলৈ আহি প্ৰশাসনীয় বিষয়া হিচাপে কাৰ্য্যভাৰ লয় (২/৫/১৯০৫), তেওঁ কলিবাৰী অঞ্চলত বসতি কৰিবলৈ লয়, কলিবাৰী নামটোৰ প্ৰসংগত তেওঁ পদ্মনাথ গোহাঞি বৰুৱাক কৈছিল- 'কলিবাৰী নামতো বৰ আপচু লাগে হে, সলাই দিব নোৱাৰিনে'? এই প্ৰশ্নৰ উত্তৰত বৰুৱাই কৈছিল, 'কলিবাঈ নামৰ পোহাৰীজনীৰ নামেৰেই ঠাই টুকুৰাৰ নামে চহৰ ভেদিলে। কি কৰিব'?[2]