বামুণী পাহাৰ অসমতেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়। এই ভাস্কৰ্যসমূহ খ্ৰীষ্টিয় নৱম-দশম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে।[1] প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতাফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বাণৰ জীয়াৰী ঊষাৰ তাঁতশালৰ দোৰ্পতি, টোলোঠা আদিক বুজায়।[উদ্ধৃতিৰ প্ৰয়োজন] পাহাৰটোক "ঊষা পাহাৰ" বুলিও কোৱা হয়। বামুণী পাহাৰ, তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায়।

ক্ষিপ্ৰ তথ্য বামুণী পাহাৰ, স্থান ...
বামুণী পাহাৰ

বামুণী পাহাৰৰ এলানি ভাস্কৰ্য
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী অসমীয়া
বন্ধ কৰক

এক পঞ্চযতন মন্দিৰৰ বুলি অনুমান কৰা এই ধ্বংসৱাশেষবোৰ এটা ঢিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে। এইসমূহ শালস্তম্ভ ৰাজবংশৰ পাছৰ শাসকসকলৰ সময়ৰ হ'ব পাৰে।[2] নৰসংহ, পৰশুৰাম, ৰাম আদি দশাৱতাৰৰ ছবি থকা এক ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটো বিষ্ণুৰ উপসনাস্থল আছিল। মজিয়া আৰু পদপথৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনা স্থল ঢিপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল। ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা উদ্যানলৈ তুলি নিয়া হৈছে।[3]

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.