ভাৰতৰ জাতীয় পতাকা
ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকা / From Wikipedia, the free encyclopedia
ভাৰতৰ জাতীয় পতাকা (ইংৰাজী: National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল।
ব্যৱহাৰ | জাতীয় পতাকা |
---|---|
অনুপাত | ২:৩ |
গ্ৰহন কৰা তাৰিখ | ২২ জুলাই, ১৯৪৭ |
সজ্জা | আনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকা (গেৰুৱা, বগা আৰু সেউজীয়া)। সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ। |
সজ্জাৰ আৰ্হি প্ৰস্তুতকৰ্তা | পিঙ্গলি ভেংকয়া[N 1] |
আইনত:, কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। l ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। এই কমিশ্যনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। ২০০৯ চনৰ তথ্য অনুযায়ী, কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ জাতীয় পতাকাৰ একমাত্ৰ উৎপাদক।
পতাকাৰ ব্যৱহাৰবিধি "ভাৰতীয় পতাকাবিধি" আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। ২০০২ চনত, এজন নাগৰিকৰ আপিলৰ ভিত্তিতে ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকাবিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেই মতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকাবিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকাৰ ব্যৱহাৰ অনুমোদিত কৰে। ২০০৫ চনত পতাকাবিধি পুনৰায় সংশোধন কৰি কেইটামান বিশেষ ধৰণৰ বস্ত্ৰ ব্যৱহাৰৰ অতিৰিক্ত ব্যবস্থা কৰা হয়। পতাকা উত্তোলনৰ প্ৰথা আৰু অন্যান্য জাতীয় আৰু অ-জাতীয় পতাকাবিলাকৰ লগত জাতীয় পতাকা ব্যৱহাৰৰ বিধিও পতাকাবিধিত উল্লেখ আছে