From Wikipedia, the free encyclopedia
ভাৰতীয় পতাকাবিধি (ইংৰাজী: Indian flag code) হৈছে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়ম। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। জাতীয় পতাকাৰ উৎপাদনৰ অধিকাৰ কেৱল খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে পতাকাবিধিখন গৃহীত কৰা হৈছিল। এই বিধিখন ২০০৮ চনৰ সংশোধন কৰা হয়।[1]
২০০২ চনত ভাৰতীয় পতাকাবিধি গৃহীত কৰা হয়: Provisions of the Emblems and Names (Prevention of Improper Use) Act, 1950 (No.12 of 1950) আৰু Prevention of Insults to National Honour Act, 1971 (No. 69 of 1971)। ২০০২ চনৰ ২৬ জানুৱৰীৰ পৰা ভাৰতীয় পতাকাবিধি, ২০০২ হিচাপে এই বিধি কাৰ্য্যকাৰী কৰা হয়।
ভাৰতীয় পতাকাবিধিটো তিনিটা ভাগত ভাগ কৰা হৈছে :-
ভাৰতৰ জাতীয় পতাকা হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীল অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল।
পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ কৰা যায়। তুলা, ৰেচম আৰু ঊল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায়। পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয়; প্ৰথমটো হ’ল খাদী-বাণ্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰত বোৱা হয়। উল্লেখ্য, প্ৰচলিত বয়নপদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয়ে। খাদী-ডাক অত্যন্ত দুৰ্লভ এক বয়নপদ্ধতি। ভাৰতত এক ডজনৰো কম বয়নশিল্পী এই ধৰণৰ বয়নত সক্ষম। নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেণ্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব[2] আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব।[3][4][5][6]
২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয় এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়।[10][11] বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।
অন্যহাতে ভাৰতীয় সংঘ বনাম যশোবন্ত শৰ্মা বিচাৰত[12] পৰিষ্কাৰ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহলেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত।
ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে।[13] ইয়াৰোপৰি গাৰুৰ কভাৰ বা ডিঙিত মেৰুৱা ৰুমাল জাতীয় পতাকা বা অন্য কোনো প্ৰতীকচিহ্ন অঙ্কণ কৰা নিষিদ্ধ।[14] ইচ্ছাকৃতভাবে ওভতা অৱস্থাত পতাকা উত্তোলন, কোনো পানীয়ত ডুবোৱা বা উত্তোলনৰ আগতে ফুলৰ পাপৰিৰ বাহিৰে অন্য কোনো বস্তু তাত বন্ধা বা পতাকাখনত কিবা কিবি লিখা সেয়াও নিষিদ্ধ।[7]
জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।
জাতীয় পতাকা কেতিয়াও ওভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা, বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন ৯০ ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। যিকোনো ব্যক্তিয়ে পতাকাক ওপৰৰ পৰা তললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ কিতাপৰ পাত পঢ়াৰ দৰে"পঢ়িব" পাৰে আৰু আবৰ্তিত হোৱাৰ পাছতো যেন এই বৈশিষ্ট্যৰ ব্যতিক্ৰম নহয়। ফটা-ছিঙা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অপমানজনক। পতাকাদণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একই নিয়ম প্ৰযোজ্য; এইবিলাক যথাযথভাবে ব্যবহাৰ কৰিব লাগে।
কোনো ষ্টেডিয়াম আদিৰ দেৱালত দুটি পৰস্পৰ অভিমুখী পতাকাদণ্ডত গেৰুৱা ভাগটো ওপৰত ৰাখি আনুভূমিকভাবে পতাকাদুখনক পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। ক্ষুদ্ৰাকাৰ পতাকাদণ্ডত পতাকা প্ৰদৰ্শিত কৰিলে দণ্ডডালক দেৱালত কৌণিকভাবে স্থাপন কৰি তাক ৰুচিসম্মতভাৱে উলমায় দিব লাগে। পৰস্পৰ লগালগি দুডাল পতাকাদণ্ডৰ ওপৰত দুখন জাতীয় পতাকা একত্ৰে প্ৰদৰ্শিত হলে দণ্ডদুডালৰ অভিমুখ পৰস্পৰৰ ফালে ৰাখিব লাগে আৰু পতাকাদুখন পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। জাতীয় পতাকা টেবুল, লেকটাৰ্ন, ষ্টেডিয়াম বা ভৱনৰ আচ্ছাদনৰূপে ব্যৱহাৰ কৰা নিষিদ্ধ। আনকি প্ৰদৰ্শনীৰ খাতিৰত ৰেলিংত উলমায় দিয়াও নিষিদ্ধ।
বাহিৰৰ অন্যান্য দেশৰ জাতীয় পতাকাৰ লগত একলগে প্ৰদৰ্শিত হোৱাৰ সময়ত পতাকা উত্তোলনৰ একাধিক ৰীতি অনুসৰণ হয়। বিশেষভাবে দৃষ্টি ৰখা হয় পতাকাৰ সম্মানৰ প্ৰতি। ইয়াৰ অৰ্থ লেটিন বৰ্ণমালা অনুযায়ী বৰ্ণানুক্ৰমে যেতিয়া একাধিক দেশৰ জাতীয় পতাকা প্ৰদৰ্শিত হয় তেতিয়া অন্যান্য পতাকাৰ সোঁফালে (দৰ্শকৰ বাওঁফালে) ৰখা হয় জাতীয় পতাকাক। সকলো পতাকাই যেন সম আকাৰৰ হয় আৰু কোনো পতাকাই যেন ভাৰতীয় পতাকাতকৈ ডাঙৰ নহয়, তাৰ প্ৰতি দৃষ্টি ৰখা হয়। প্ৰত্যেক দেশৰ পতাকা পৃথক পৃথক পতাকাদণ্ডত থাকে। এডাল দণ্ডত এখন পতাকাৰ তঅত অন্য এখন পতাকাৰ প্ৰদৰ্শনী নিষিদ্ধ। অনুমতিক্ৰমে স্বাভাবিক দেশভিত্তিক বৰ্ণানুক্ৰমিক পতাকাৰ শাৰীৰ আৰম্ভণিতে আৰু শেষত ভাৰতৰ পতাকা ৰখা যায়। যদি আবদ্ধ বৃত্তত একাধিক জাতীয় পতাকাৰ প্ৰদৰ্শনী কৰিব লগা হয়, তেতিয়াহ’লে বৃত্তটো ভাৰতৰ পতাকাৰে ঘড়ীৰ কাঁটাৰ অভিমুখে আৰম্ভ কৰিব লগা হয়; অন্যান্য পতাকা ভাৰতীয় পতাকাৰ পাছত থাকে আৰু শেষৰ পতাকাখন ভাৰতীয় পতাকাৰ শেষত থাকে। ভাৰতৰ জাতীয় পতাকা সৰ্বাগ্ৰে উত্তোলিত আৰু সৰ্বশেষে অবনমিত হয়।
পৰস্পৰৰ লগালগি হৈ অন্য জাতীয় পতাকাৰ লগত প্ৰদৰ্শিত হোৱাৰ সময়ত ভাৰতৰ জাতীয় পতাকাৰ সম্মুখভাগ আৰু অন্য পতাকাৰ সোঁফালে (দৰ্শকৰ বাওঁফালে) স্থাপিত হয়। অৱশ্যে ৰাষ্ট্ৰসংঘৰ পতাকাৰ ক্ষেত্ৰত জাতীয় পতাকাক উভয় দিশতেই ৰখা যায়। সাধাৰণভাবে সম্মুখ অভিমুখে সৰ্ব দক্ষিণে জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।[7]
কৰ্পোৰেট পতাকা বা বিজ্ঞাপনৰ বেনাৰ জাতীয় অন্যান্য পতাকাৰ লগত একলগে প্ৰদৰ্শিত কৰিবলৈ হলে, পতাকাবিধি অনুযায়ী, পতাকাসমূহ পৃথক পৃথক দণ্ডত স্থাপন কৰাৰ নিয়ম আছে; ভাৰতৰ জাতীয় পতাকা সেই ক্ষেত্ৰত এই পতাকাসমূহৰ মধ্যস্থলত অথবা দৰ্শকৰ দৃষ্টিৰ পৰা সৰ্বদিশত অথবা পতাকামণ্ডলীত অন্য পতাকাৰ তুলনাত অন্ত:ত এক পতাকা-প্ৰস্থ উচ্চতাত প্ৰদৰ্শিত হয়। জাতীয় পতাকাৰ দণ্ড এই মণ্ডলীত সকলোবোৰৰ আগত থাকে। যদি এডাল পতাকাদণ্ডতে সকলোবিলাক পতাকা প্ৰদৰ্শিত কৰিবলৈ হয়, তেতিয়া জাতীয় পতাকা আটাইতকৈ ওপৰত থাকে। অন্যান্য পতাকাৰ লগত শোভাযাত্ৰাকালত ব্যৱহিত হলে, জাতীয় পতাকা শোভাযাত্ৰাৰ সম্মুখত অথবা সমাভিমুখী পতাকাৰ শাৰীতে ব্যৱহিত হলে শোভাযাত্ৰাৰ দক্ষিণত অৱস্থান কৰে।[7]
কোনো সভাকক্ষত সভানুষ্ঠান বা অন্য কোনো প্ৰকাৰ অন্তৰ্দ্বাৰ জনসমাবেশৰ সময়ত বিধি অনুসৰি পতাকাখন সোঁফালে (দৰ্শকৰ বাওঁফালে) ৰাখিব লাগে। অৰ্থাৎ, সভাকক্ষত বক্তাৰ কাষত প্ৰদৰ্শিত কৰিবলৈ হলে ইয়াক বক্তাৰ সোঁফালে ৰাখিব লাগে। অন্য সময়ত ইয়াক শ্ৰোতাৰ সোঁফালে ৰাখিব লাগে। পতাকাখনৰ গেৰুৱা ৰং শীৰ্ষত ৰাখি পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰা হয়। ষ্টেডিয়ামৰ দেৱালত লম্বভাবে প্ৰদৰ্শিত কৰিবলৈ হলে গেৰুৱা ভাগটোক দৰ্শকৰ দৃষ্টি অনুযায়ী বাওঁফালে ৰখা হয়; আৰু পতাকাৰ ৰছীডাল শীৰ্ষত স্থাপন কৰা হয়।[7]
অন্য পতাকাৰ লগত কোনো শোভাযাত্ৰা বা কুচকাৱাজ কৰিবলৈ হলে জাতীয় পতাকাক অন্য পতাকাৰ মাজত বা সোঁমাজত অকলশৰীয়াকৈ ৰখা হয়। মূৰ্তি, স্মৃতিস্তম্ভ বা নামলিপি উন্মোচনৰ অঙ্গ হিচাবে ইয়াক ব্যবহাৰ কৰিব নোৱাৰি। জাতীয় পতাকাৰ দ্বাৰা একো ঢাকিবও নোৱাৰি। পতাকাৰ সম্মানৰ অঙ্গ হিচাবে কোনো ব্যক্তি বা বস্তুৰ সন্মুখত ইয়াক অৱনত কৰা নাযায় ৰেজিমেণ্টেল পতাকা বা প্ৰতিষ্ঠানিক পতাকা সম্মান প্ৰদৰ্শনৰ অঙ্গ হিচাবে অৱনত কৰা হব পাৰে।
পতাকা উত্তোলন বা অৱনমন অনুষ্ঠানৰ সময়ত, অথবা কুচকাৱাজ বা ৰিভিউৰ সময়ত, উপস্থিত ব্যক্তিসকলে পতাকাৰ ফালে মুখ কৰি উঠি থিয় দিব লাগে। পদমৰ্যাদা থকা ব্যক্তিসকলক যথাবিধি অভিবাদন জানোৱা হয়। পতাকাৰ শাৰী ব্যৱহিত হলে উপস্থিত ব্যক্তিসকলে পতাকাসমহ পাৰ হোৱাৰ সময়ত উঠি থিয় দি সম্মান বা অভিবাদন জনাব লাগে। যি কোনো পদাধিকাৰীয়ে চ্যেলুট নজনোৱাকৈ অভিবাদন গ্ৰহণ কৰিব নোৱাৰে। জাতীয় সংগীত বজোৱাৰ পাছতেই পতাকা অভিবাদন অনুষ্ঠিত হয়।[7]
কেৱলমাত্ৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু লেফট্যানেণ্ট গভৰ্নৰসকল, মুখ্যমন্ত্ৰীসকল, কেবিনেট মন্ত্ৰীসকল আৰু ভাৰতীয় সংসদ আৰু ৰাজ্য বিধানসভাৰ জুনিয়ৰ কেবিনেট সদস্যসকল, লোকসভা আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষসকল, ৰাজ্যসভা আৰু ৰাজ্য বিধানপৰিষদৰ চেয়াৰমেনসকল, দিল্লী উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল আৰু সেনাবাহিনী, বিমানবাহিনী আৰু নৌবাহিনীৰ ফ্লেগ-ৰেঙ্ক আধিকাৰিকবৃন্দই নিজেৰ যানবাহনত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী। তেওঁলোকে যেতিয়াই প্ৰয়োজন বোধ কৰে তেতিয়াই তেওঁলোকৰ গাড়ীত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। এই ক্ষেত্ৰত পতাকাখন এডাল পতাকাদণ্ডত গঁথা থাকে। দণ্ডডাল বনেটৰ সম্মুখত-মাজভাগত অথবা গাড়ীৰ সম্মুখত-দক্ষিণফালে দৃঢ়ভাবে আবদ্ধ থাকে। যেতিয়া চৰকাৰী গাড়ীত কোনো বিদেশী পদাধিকাৰী ভ্ৰমণ কৰে, তেতিয়া তেওঁৰ দেশৰ পতাকা গাড়ীৰ সম্মুখত-আগলৈ আৰু ভাৰতৰ জাতীয় পতাকা গাড়ীৰ সম্মুখত-দক্ষিণত প্ৰদৰ্শিত হয়।
ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ গলে তেওঁলোকৰ বিমানত জাতীয় পতাকা উত্তোলন কৰা হয়। যি দেশলৈ ভ্ৰমণ কৰিবলৈ যায়, সেই দেশৰ জাতীয় পতাকাও বিমানত উত্তোলন কৰা হয়। তথাপি মাজতে অন্য কোনো দেশত অবতীৰ্ণ হলে সৌজন্য স্মাৰক হিচাবে সেই দেশৰ জাতীয় পতাকাও উত্তোলনৰ ৰীতি আছে। ৰাষ্ট্ৰপতিয়ে দেশৰ ভিতৰতে কোনো ঠাইত ভ্ৰমণলৈ গ’লে বিমানৰ যি ফালেদি উঠা নমা কৰে সেইফালে জাতীয় পতাকা প্ৰদৰ্শিত হয়। ৰাষ্ট্ৰপতিয়ে যেতিয়া বিশেষ ৰেলেৰে দেশৰ যি কোনো ঠাইলৈ যায়, তেতিয়া ড্ৰাইভাৰে ইঞ্জিনত যি ষ্টেচনৰ-প্লেটফৰ্মৰ পৰা ট্ৰেইনখন এৰিছে সেই ফালে মুখ কৰি জাতীয় পতাকা প্ৰদৰ্শিত কৰে। বিশেষ ট্ৰেইনখন যেতিয়া নিশ্চল অৱস্থাত থাকে বা কোনো ষ্টেচনত ৰোৱাৰ বাবে প্ৰৱেশ কৰে কেৱল তেতিয়াহে জাতীয় পতাকা প্ৰদৰ্শিত হয়।[7]
কেৱলমাত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশিকা অনুসৰি শোকৰ চিহ্ন হিচাবে জাতীয় পতাকা অৰ্ধনমিত ৰখাৰ ৰীতি আছে; ৰাষ্ট্ৰপতিয়ে সেইক্ষেত্ৰত শোকঁকালীন সময়সীমাও নিৰ্ধাৰিত কৰি দিয়ে। অৰ্ধনমিত কৰাৰ আগেয়ে পতাকাখন এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰা হয়। আআৰু সূৰ্যাস্তৰ সময়ত অবনমিত কৰাৰ আগেয়েও এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰি তাৰপাছত অবনমিত কৰা হয়। কেৱলমাত্ৰ জাতীয় পতাকাহে অৰ্ধনমিত কৰা হয়; অন্যান্য পতাকা স্বাভাবিক উচ্চতাত থাকে।
ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মৃত্যুত সমগ্ৰ দেশত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিৰ মৃত্যুত দিল্লীত আৰু কোনো কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ মৃত্যুত দিল্লী আৰু ৰাজ্যৰ ৰাজধানীত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাষ্ট্ৰমন্ত্ৰীসকলৰ মৃত্যুতো দিল্লীত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাজ্যপাল, লেফটেনেণ্ট গভৰ্নৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মৃত্যুত সংশ্লিষ্ট ৰাজ্যত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।
আবেলি কোনো পদাধিকাৰীৰ মৃত্যুসংবাদ আহিলে যদি পাছদিনা সূৰ্যোদয়ৰ আগতে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন নহয় তেতিয়া হ’লে পাছদিনাৰ পৰা জাতীয় পতাকা ওপৰত উল্লিখিত স্থানকাল অনুসৰি অৰ্ধনমিত থাকে। অন্ত্যেষ্টি ক্ৰিয়া স্থলতো জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।
গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, গান্ধী জয়ন্তী আৰু জাতীয় সপ্তাহ (৬-১৩ এপ্ৰিল), ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস বা ভাৰত চৰকাৰ নিৰ্ধাৰিত অন্য কোনো জাতীয় উৎসৱৰ দিনা কেৱলমাত্ৰ মৃতকৰ শৰীৰ যি ভৱনত সুৰক্ষিত হৈ থাকে সেই ভৱন বাদ অন্য কোনো ঠাইতে অৰ্ধনমিত হৈ নাথাকে। এই ক্ষেত্ৰত শৰীৰ ভৱনৰ পৰা অপসৃত হলে পতাকা সম্পূৰ্ণৰূপে উত্তোলন কৰা হয়।
কোনো স্বতন্ত্ৰ ক্ষেত্ৰত স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বিদেশী পদাধিকাৰীৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক পালন কৰা হব পাৰে। যদিও, কোনো বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰ প্ৰধানৰ মৃত্যুৰ পাছত ওপৰত উল্লিখিত দিনবিলাকত ভাৰতীয় দূতাবাসত জাতীয় পতাকা উত্তোলন কৰিব পাৰে।
ৰাষ্ট্ৰীয়, সামৰিক বা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্ত্যেষ্টিত মৃতদেহ বা কফিনৰ ওপৰত আচ্ছাদিত কৰা হয়। গেৰুৱা ৰংটো মৃতদেহ বা কফিনৰ উপৰৰফালে থাকে। তথাপি পতাকাখন কবৰস্থ বা চিতাত ভষ্ম কৰা নাযায়।[7]
জাতীয় পতাকা ক্ষতিগ্ৰস্থ হলে বা অপৰিষ্কাৰ হলে, ইয়াক পেলাই দিয়া বা অমৰ্যাদাৰে নষ্ট কৰা নাযায়। ইয়াক লোকচক্ষুৰ অন্তৰালত পুৰি বা পতাকাৰ মৰ্যাদাৰ লগত সঙ্গতি ৰাখি সামঞ্জস্যপূৰ্ণ অন্য কোনো পন্থাৰে নষ্ট কৰা হয়। ইয়াৰ বাহিৰেও গঙ্গাত বিসৰ্জন দিয়া হয় বা সসম্মানে কবৰস্থ কৰিও ইয়াক বিনষ্ট কৰা যায়।[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.