![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Ahom_coins.png/640px-Ahom_coins.png&w=640&q=50)
ভাৰতীয় টকাৰ ইতিহাস
From Wikipedia, the free encyclopedia
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম।[2] হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে। [3] এই ৰূপ শব্দটো আকৌ আকাৰ বা আকৃতি বুজোৱা সৰ্বনাম পদ ৰূপৰ পৰা উলাইছে আৰু ই মূলতঃ দ্ৰাবিড় ভাষাৰ শব্দ।[4]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Ahom_coins.png/640px-Ahom_coins.png)
কৌটিল্যৰ অৰ্থশাস্ত্ৰতো ৰূপৰ মোহৰ ৰূপ্যৰূপ, সোণৰ মোহৰ সুৱৰ্ণৰূপ আৰু সীহৰ মোহৰ সীহৰূপৰ কথা উল্লেখ আছে।[1]
শ্বেৰ শ্বাহ সূৰীয়ে তেওঁৰ পাঁচ বছৰীয়া শাসনকালত (১৫৪০-১৫৪৫) ১৭৮ ৰতি ওজনৰ ৰূপৰ মুদ্ৰা ৰূপিয়া নামেৰে প্ৰচলন কৰিছিল।[3][5] মোগল তথা মাৰাঠাসকলৰ ৰাজত্বকালৰ লগতে ইংৰাজশাসিত ভাৰততো ৰূপৰ মুদ্ৰা প্ৰচলিত আছিল।[6] কাগজৰ বেংকনোটৰ পোনপ্ৰথম প্ৰচলনকাৰীৰ ভিতৰত আছিল বেংক অফ হিন্দুস্তান (১৭৭০-১৮৩২), ৱাৰেণ হেষ্টিংছে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল বেংক অফ বেংগল এণ্ড বিহাৰ (১৭৭৩-৭৫) আৰু বেংগল বেংক (১৭৮৪-৯১)।
১৯ শতিকাৰ সময়ছোৱাত অন্যান্য সবল অৰ্থব্যৱস্থাসমূহত সোণৰ ভিত্তিত দেশীয় মুদ্ৰাৰ মূল্য নিৰ্ধাৰিত হোৱাৰ বিপৰীতে ভাৰতীয় টকা ৰূপৰ (ধাতু) ওপৰত নিৰ্ধাৰণ কৰা হৈছিল। ইংৰাজ শাসনকাল আৰু স্বাধীনতা-উত্তৰ কালৰ প্ৰথমছোৱা ভাৰতীয় এক টকাক অনা হিচাপে ১৬ অনাত ভাগ কৰা হৈছিল। প্ৰতিটো অনা ৪ পইচা বা বাৰ পাইত পুনৰ বিভাজিত কৰাৰ ব্যৱস্থা আছিল। গতিকে এক টকা ১৬ অনা বা ৬৪ পইচা বা ১৯২ পাইৰ সমান আছিল। ১৯৫৭ চনত এক টকাক নতুনকৈ ১০০ নয়া পইচাত ভাগ কৰা হয় আৰু কিছু বছৰৰ পাছতেই আগৰ নয়া শব্দটো গুচাই পেলোৱা হয়।
কিছু বছৰলৈ ইংৰাজশাসিত আৰু ভাৰতৰ পৰা নিয়ন্ত্ৰিত বহুকেইখন ঠাই যেনে পূব এচিয়া, দক্ষিণ আৰৱ আৰু পাৰ্চিয়ান উপকূল আদিত ভাৰতীয় টকা চৰকাৰী মুদ্ৰা হিচাপে প্ৰচলিত হৈছিল।