বৰগীত
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্বিক ভাৱৰ গীত / From Wikipedia, the free encyclopedia
অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত (ইংৰাজী: Borgeet) বোলা হয়।[1] বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ-মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক 'বৰ' বিশেষণটো লগাই "বৰগীত" হিচাপে নামকৰণ কৰিছিল ।[2] বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক noble numbers, কালিৰাম মেধিয়ে great songs বা songs celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই holy songs আখ্যা দিছে।[3]
বৰগীত | |
---|---|
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অংকন কৰা বৰগীতৰ স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱৰ কল্পিত চিত্ৰ বৰগীতৰ মুল বস্তু কি? | |
শৈলীগত উৎপত্তি | ভক্তিমূলক গীত |
সাংস্কৃতিক উৎপত্তি | অসম, নৱ-বৈষ্ণৱ ধৰ্ম |
বাদ্যযন্ত্ৰ | খোল, তাল |
আঞ্চলিক পট | |
অসম, ভাৰত | |
স্থানীয় পট | |
সত্ৰ, নামঘৰ | |
অন্যান্য বিষয় | |
হিৰানাম, দিহানাম, ভাওনা, অংকিয়া নাট, কথা গুৰু চৰিত |
ভাৰতৰ সংগীত | |
---|---|
তানপুৰা বজায় থকা এগৰাকী মহিলা, ১৭৩৫ খ্ৰীষ্টাব্দ (ৰাজস্থান) | |
প্ৰকাৰ | |
পৰম্পৰাগত
আধুনিক | |
গণ মাধ্যম আৰু পৰিৱেশন | |
সংগীতৰ বঁটা | * সংগীত নাটক অকাডেমী বঁটা |
সংগীতৰ উৎসৱ | * সপ্তক ফেষ্টিভেল অৱ মিউজিক
|
সংগীতৰ গণ মাধ্যম | * শ্ৰুতি
|
জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক গীত | |
ৰাষ্ট্ৰীয় সংগীত | জন গণ মন |
আঞ্চলিক সংগীত | |
* আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
| |
শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।[4] মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে।