ভাংৰা (সংগীত)
From Wikipedia, the free encyclopedia
ভাংৰা (পঞ্জাবী উচ্চাৰণ: [ˈpə̀ŋɡ(ə)ɽaː] ) হৈছে ব্ৰিটেইন, বিশেষকৈ চাউথলত উৎপত্তি হোৱা পঞ্জাবৰ এক প্ৰকাৰৰ অগতানুগতিক সংগীত। ব্ৰিটেইনৰ পঞ্জাবী প্ৰব্ৰজনকাৰীৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ জনপ্ৰিয় সংগীত। এই শৈলীৰ উৎপত্তি পঞ্জাৱৰ লোক-সংগীতৰ লগতে ১৯৭০ আৰু ১৯৮০ চনৰ পশ্চিমীয়া পপ সংগীতৰ পৰাই হৈছে। এই সংগীত সংযোজনৰ পূৰ্বে ভাংৰা কেৱল স্থানীয় পঞ্জাৱত নৃত্যৰ ৰূপ হিচাপে আছিল। এই পঞ্জাবী সংগীত এই দিশত অনন্য আছিল যে ই পৰম্পৰাগত নাছিল আৰু ই কোনো প্ৰামাণ্যতাও বিচৰা নাছিল। পঞ্জাৱৰ পৰম্পৰাগত লোকসংগীতত বিভিন্ন গায়কে ব্যৱহাৰ কৰা সুৰৰ সৈতে মিল থাকিলেও ভাংৰা আছিল এক প্ৰকাৰৰ কঠোৰ "বেণ্ড সংস্কৃতি" আৰু ইয়াৰ প্ৰতিটো গীতৰ বাবে নতুন নতুন সুৰ ৰচনা কৰা হৈছিল। সেয়ে ভাংৰা গীতত গায়কসকলৰ সমানেই সংগীতকাৰ সকলকো গুৰুত্ব প্ৰদান কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য ভাংৰা, শৈলীগত উৎপত্তি ...
ভাংৰা | |
---|---|
শৈলীগত উৎপত্তি | |
সাংস্কৃতিক উৎপত্তি | ১৯৬০ ৰ দশক, পঞ্জাব |
সমন্বয় শৈলী | |
ভাংৰাগ্গা |
বন্ধ কৰক