বিহালী অভয়াৰণ্য
From Wikipedia, the free encyclopedia
বিহালী অভয়াৰণ্য (ইংৰাজী: Behali Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল।[1] ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।[2] এই বনাঞ্চলখন বৃহত্তৰ শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চলৰ এক অংশ আৰু ১৯১৭ চনত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৯৪ চনত ইয়াক গুৰুত্বপূৰ্ণ চৰাই অঞ্চল আৰু ২০০৪ চনত মূল জৈৱ বৈচিত্ৰ্য অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে।[3] ইয়াৰ পশ্চিমে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মুঠ আয়তন ১৪০ বৰ্গ কিলোমিটাৰ৷[4] সেয়েহে ই বহু প্ৰজাতিৰ প্ৰব্ৰজনৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড'ৰ হিচাপে কাম কৰে।[5]
ক্ষিপ্ৰ তথ্য বিহালী অভয়াৰণ্য, অৱস্থান ...
বিহালী অভয়াৰণ্য | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
বিহালী অভয়াৰণ্যৰ দৃশ্য | |
অৱস্থান | বিশ্বনাথ চাৰিআলি অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
মাটিকালি | 140 বৰ্গ কি.মি. (14,00,00,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯১৭ |
কৰ্তৃপক্ষ | পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ |
বন্ধ কৰক