From Wikipedia, the free encyclopedia
জগদীশ মুখী (ইংৰাজী: Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল।[1][2] তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, অৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।
জগদীশ মুখী | |
---|---|
অসমৰ ৰাজ্যপাল | |
কাৰ্যকাল ৩০ ছেপ্টেম্বৰ ২০১৭ – ২০ ফেব্ৰুৱাৰী ২০২৩ | |
পূৰ্বসূৰী | বানৱাৰীলাল পুৰোহিত |
উত্তৰসূৰী | গুলাব চান্দ কাটাৰিয়া |
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল | |
কাৰ্যকাল আগষ্ট ২০১৬ – ছেপ্টেম্বৰ ২০১৭ | |
পূৰ্বসূৰী | এ. কে. সিং |
উত্তৰসূৰী | দেৱেন্দ্ৰ কুমাৰ যোশী |
ব্যক্তিগত তথ্য | |
জন্ম | জগদীশ মুখী ১ ডিচেম্বৰ, ১৯৪২ (৮১ বছৰ) দ্বাজল, ডেৰা গাজি খান, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব, পাকিস্তান) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | পিএইছডি (বিত্ত) |
শিক্ষানুষ্ঠান | কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় |
১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে দ্বাজল,ডেৰা গাজি খানত এক পঞ্জাবী পৰিয়ালত জগদীশ মুখীৰ জন্ম হৈছিল। চাৰি বছৰ বয়সত ১৯৪৭ ৰ দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহি সহনাত নিগাজীকৈ থাকিবলৈ লয়।[3]
তেওঁ ১৯৫৬ চনত ৰাজস্থানৰ অলৱাৰ জিলাৰ ৰাজ ঋষি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][4]তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছহিদ ভগৎ সিং কলেজত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] ১৯৯৫ চনৰ অক্টোবৰ মাহৰ তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত পিএইছডি ডিগ্ৰী লাভ কৰে।[4]
১৯৭০ চনত তেওঁ প্ৰেম গ্ৰভাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এগৰাকী সমাজ সেৱিকা আৰু মহিলা জাগৃতি সংঘৰ সদস্যা। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[3][4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.