বংগোপসাগৰ
ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাকৃতি উপসাগৰ / From Wikipedia, the free encyclopedia
বংগোপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ।[3] ই ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাকৃতি উপসাগৰ। এই উপসাগৰৰ পশ্চিম দিশত ভাৰত আৰু শ্ৰীলংকা, উত্তৰ দিশত ভাৰত আৰু বাংলাদেশ আৰু পূব দিশত ম্যানমাৰ আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।
ক্ষিপ্ৰ তথ্য বংগোপসাগৰ Bay of Bengal, স্থান ...
বংগোপসাগৰ Bay of Bengal | |
---|---|
বংগোপসাগৰৰ মানচিত্ৰ | |
স্থান | দক্ষিণ এছিয়া |
স্থানাংক | 15°N 88°E |
প্ৰকাৰ | উপসাগৰ |
Primary inflows | ভাৰত মহাসাগৰ |
অৱবাহিকা দেশ | বাংলাদেশ ভাৰত ইণ্ডোনেছিয়া ম্যানমাৰ শ্ৰীলংকা [1][2] |
সৰ্বোচ্চ দৈৰ্ঘ্য | ২,০৯০ কিমি |
সৰ্বোচ্চ প্ৰস্থ | ১,৬১০ কিমি |
কালি | ২১,৭২,০০০ বৰ্গ কিমি |
গড় গভীৰতা | ২,৬০০ মি |
সৰ্বোচ্চ গভীৰতা | ৪,৬৯৪ মি |
বন্ধ কৰক
বংগোপসাগৰৰ কালি ২১,৭২,০০০ বৰ্গ কিলোমিটাৰ। কেইবাখনো বৃহৎ নদী এই উপসাগৰত পৰিছে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হল গংগা আৰু ইয়াৰ প্ৰধান দুই উপনদী পদ্মা আৰু হুগলী, ব্ৰহ্মপু্ত্ৰ আৰু তাৰ উপনদী যমুনা আৰু মেঘনা, ইৰাৱতী, গোদাৱৰী, মহানদী, কৃষ্ণা আৰু কাবেৰী নদী। বংগোপসাগৰৰ নিকটবৰ্তী গুৰুত্বপূৰ্ণ বন্দৰ সমূহ হল: চেন্নাই, চট্টগ্ৰাম, কলকাতা, মংগলা, পাৰাদীপ, টুটিকোৰিন, বিশাখাপট্টনম আৰু য়াংগুন। বিশ্বৰ বৃহত্তম সমুদ্ৰতীৰ (Beach) কক্সবাজাৰ এই উপসাগৰৰ পাৰত বাংলাদেশ ৰাষ্ট্ৰত অৱস্থিত।