চট্টগ্ৰাম
From Wikipedia, the free encyclopedia
চট্টগ্ৰাম (ঐতিহাসিক নাম: পৰ্টো গ্ৰেণ্ডে আৰু ইছলামবাদ) বাংলাদেশৰ দ্বিতীয় বৃহত্তম চহৰ। বন্দৰনগৰী নামেৰে পৰিচিত এই চহৰখন বাংলাদেশৰ দক্ষিণ-পূব অংশৰ চট্টগ্ৰাম জিলাত অৱস্থিত। বাণিজ্যিক ৰাজধানী হিচাপে পৰিচিত, লগতে পাহাৰ, সাগৰ আৰু উপত্যকাৰে আগুৰি থকা চট্টগ্ৰাম চহৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পূবৰ ৰাণী হিচাপে বিখ্যাত।