ডোমাৰী ভাষা
বিলুপ্তপ্ৰায় ভাৰত-আৰ্য্য ভাষা / From Wikipedia, the free encyclopedia
ডোমাৰী হৈছে বিলুপ্তপ্ৰায় ভাৰত-আৰ্য্য ভাষা, যিটো মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ থকা ডোম লোকসকলে কয়৷ এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে। এই ভাষাৰ মানুহ তুৰস্ক, ইৰাণ, ইৰাক, পেলেষ্টাইন, ইজৰাইল, জৰ্ডান, ইজিপ্ত, চুডান, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, ছিৰিয়া আৰু লেবাননত বাস কৰে বুলি জানিব পৰা গৈছে। শব্দৰ পৰিৱৰ্তনৰ পদ্ধতিগততাৰ ওপৰত ভিত্তি কৰি মোটামুটি নিশ্চয়তাৰে জনা যায় যে ডোমাৰী আৰু ৰোমানী নামটো ভাৰত-আৰ্য্য শব্দ ডোমৰ পৰাই উদ্ভৱ হৈছে। [3] যদিও দুয়োটা মধ্য ভাৰত-আৰ্য্য ভাষা, ডোমাৰী আৰু ৰোমানীৰ উৎপত্তি একেজন নিকট পূৰ্বপুৰুষৰ পৰা নহয়। আৰবৰ মানুহবিলাকে ডোমসকলক নাৱাৰ বুলি কয় কাৰণ তেওঁলোক আছিল যাযাবৰী জনগোষ্ঠী যিয়ে প্ৰথমে ভাৰত উপমহাদেশৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল ৷ [4]
ডোমাৰী | |
---|---|
Dōmʋārī, Dōmʋārī ǧib, Dômarî ĵib, דּוֹמָרִי ,دٛومَرِي | |
থলুৱা অঞ্চল | আজাৰবাইজান, মৰিটানিয়া, ইৰাণ, ইৰাক, ইজৰাইল, লেবানন, ইজিপ্ত, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, পেলেষ্টাইন, ছিৰিয়া, তুৰস্ক, জৰ্ডান, চুডান আৰু ইয়াৰ চুবুৰীয়া দেশ[1] |
অঞ্চল | মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা, ককেছাছ, মধ্য এছিয়া |
জাতীয়তা | ডোম |
ভাষা পৰিয়াল |
Indo-European
|
উপভাষা | *উত্তৰ ডোমাৰী
|
লিখন প্ৰণালী | লেটিন, আৰবী, হিব্ৰু |
ভাষা সংকেত | |
ISO 639-3 | rmt |
Domari is classified as Severely Endangered by the UNESCO Atlas of the World's Languages in Danger |
ডোমাৰীক "মধ্যপ্ৰাচ্যৰ ৰোমানী", "চিগেনে", "লুটি", বা "মেহতাৰ" বুলিও জনা যায়। আৰবীয় দেশত, মাজে মাজে আৰবী লিপি ব্যৱহাৰ কৰি এই ভাষা লিখা হয় আৰু ইয়াত বহুতো আৰবী আৰু পাৰ্চী ঋণ শব্দ আছে। [5] এই ভাষাৰ ওপৰত বৰ্ণনাত্মক বিশ্লেষণ আগবঢ়াইছিল ইয়াৰন মাট্ৰাছে [6] যিয়ে গৌণ উৎসৰ ঐতিহাসিক আৰু উপভাষাবিজ্ঞানৰ মূল্যায়নৰ লগতে ভাষাটোৰ এক বিস্তৃত ব্যাকৰণ প্ৰকাশ কৰিছিল (মাত্ৰাছ ২০১২)।
ডোমাৰী ভাষা বিলুপ্তপ্ৰায়, কিয়নো বৰ্তমান নৱ প্ৰজন্মৰ মাজত ইয়াৰ পৰা আঁতৰি যোৱাৰ হেঁচা পৰিছে বুলি য়াৰন মাট্ৰাছে কয়। [7] জেৰুজালেমৰ দৰে কিছুমান অঞ্চলত “মধ্যপ্ৰাচ্যৰ জিপ্সী” নামেৰে পৰিচিত এই ডোম লোকসকলৰ মাত্ৰ প্ৰায় ২০% লোকেহে দৈনন্দিন যোগাযোগত ডোমাৰী ভাষা কয়। এই ভাষাটো মূলতঃ জেৰুজালেম সম্প্ৰদায়ৰ বৃদ্ধসকলে কয়। নৱ প্ৰজন্ম আৰবী ভাষাৰ দ্বাৰা অধিক প্ৰভাৱিত, সেয়েহে বেছিভাগেই কেৱল মৌলিক শব্দ আৰু বাক্যাংশহে জানে। জেৰুজালেমৰ আধুনিক যুগৰ ডোমছ সম্প্ৰদায়টো ১৯৪০ চনৰ পৰা ১৯৬৭ চনত ইজৰাইলী প্ৰশাসনৰ অধীনলৈ অহালৈকে পুৰণি চহৰখনৰ ভিতৰত বসতি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা যাযাবৰী লোকসকলে স্থাপন কৰিছিল (মাট্ৰাছ ১৯৯৯)।
বৰ্তমান এই ভাষা ক'ব পৰা মানুহৰ সংখ্যা তিনি লাখৰো কম। ডোমাৰীৰ উপভাষা সমূহ হ'ল - নবাৰী, কুৰবাটি, হেলেবি, হালাব, কৰাচী, মাৰাশী, গৰাকা, চুৰি-বালি আৰু নাৰিকুৰাবা। এই ভাষা লিখাৰ ক্ষেত্ৰত অঞ্চল বিশেষে লেটিন, হিব্ৰু আৰু আৰৱী আখৰ ব্যৱহাৰ কৰা হয়।