জৈন ধৰ্ম
প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত / From Wikipedia, the free encyclopedia
জৈনধৰ্ম (সংস্কৃত: जैन धर्म ; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়। প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল। কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল।[1] ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)।[2][3][4][5][6] আধুনিক বিশ্বত জৈনধৰ্মাৱলম্বীসকলৰ সংখ্যা তুলনামূলকভাৱে অনেক কম হ’লেও এই ধৰ্ম বেছ প্ৰভাৱশালী। ভাৰতত জৈন ধৰ্মাবলম্বীসকলৰ সংখ্যা প্ৰায় ১০,২০০,০০০।[7] ইয়াৰ বাহিৰেও আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, জাপান, হংকং, ছিঙ্গাপুৰ, অষ্ট্ৰেলিয়া আদি বিশ্বৰ অন্য প্ৰান্তটো কিছু জৈনধৰ্মী দেখা পোৱা যায়।[8]
জৈন ধৰ্ম | |
---|---|
This article is part of a series on জৈন ধৰ্ম | |
Ṇamōkāra mantra · Micchami Dukkadam | |
Anekāntavāda · Syādvāda · Nayavāda · Cosmology · Ahimsa · Karma · Dharma · Nirvana · Kevala Jñāna · Mokṣa · Dravya · Navatattva · Asteya · Aparigraha · Gunasthana · Samsara | |
The 24 Tirthankaras · Rishabha · Mahavira · Acharya · Ganadhara · Siddhasena Divakara · Haribhadra | |
Digambara · Śvētāmbara | |
Kalpa Sūtra · Āgama · Tattvartha Sutra · Naaladiyar · Sanmatti Prakaran | |
Parasparopagraho_Jivanam · Jain symbol · Jain flag · Timeline · Topics list | |
মহাবীৰ জয়ন্তী · Paryushana · দেৱালী | |
জৈন ধৰ্ম Portal |
জৈনসকলে প্ৰাচীন শ্ৰমণ অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। ভাৰতৰ ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।[9][10]