জীৱন নৰহ
অসমীয়া ভাষাৰ এজন উল্লেখযোগ্য কবি / From Wikipedia, the free encyclopedia
জীৱন নৰহ অসমীয়া ভাষা ৰ এজন ভাৰতীয় কবি-ঔপন্যাসিক,শিক্ষক তথা সমাজ কৰ্মী। তেওঁ ১৯৭০ চনত (জন্মৰ চন বিদ্যালয়ৰ শিক্ষকে দিয়া) গোলাঘাট জিলাৰ গেলাবিল নদীৰ পাৰত ( পশ্চিমে ধনশিৰি, উত্তৰে ব্ৰহ্মপুত্ৰ,পূৱে- দিচৈ ) অৱস্থিত মৰঙিয়াল গাঁৱত জন্ম গ্ৰহণ কৰে।
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জীৱন নৰহ | |
---|---|
জন্ম | ১১-৪-৭০ গোলাঘাট |
ৰাষ্ট্ৰীয়তা | ভাৰত |
বংশদ্ভূত | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | বি.ত্ৰ ডিগ্ৰী যোগানন্দদেৱ গোস্বামী কলেজ বোকাখাত। এম.ত্ৰ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়। |
পেচা | কবি, উপন্যাসিক, শিক্ষক |
দাম্পত্যসঙ্গী | উৎপলা বৰা |
সন্তান | নিনাম নৰহ |
আত্মীয়-স্বজন | পিতৃ:স্বৰ্গীয়:উমা নৰহ মাতৃ:পুইনি নৰহ |
স্বাক্ষৰ | |
তেওঁৰ কবিতা দেশী-বিদেশী বহু ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কবিতা উৎসৱ সমূহতো ভাগ লৈ আহিছে। জীৱন নৰহে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা 'অ' মোৰ আপোনাৰ দেশ' ক ৪১টা বিভিন্ন জাতি জনগোষ্ঠী, দেশী-বিদেশী ভাষালৈ অনুবাদ কৰোৱাৰ আৰু সংগ্ৰহৰ উদ্যোগ লোৱাৰ লগতে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ(২০১২ চনৰ পৰা ) পৰিবেশনৰ ব্যবস্থা কৰাত আহ্বায়কৰ ভূমিকা পালন কৰিছিল। শুদ্ধ ৰূপত জাতীয় সংগীত পৰিৱেশন কৰাৰ উদ্যোগ লোৱাৰ লগতে বুকুত হাত থৈ জাতীয় সংগীত গোৱাৰ পৰম্পৰা 'অ' মোৰ আপোনাৰ দেশ: সমন্বয় যাত্ৰা 'ৰ ডেৰশবছৰীয়া জয়ন্তী কালতেই প্ৰথম আৰম্ভ কৰা হৈছিল। ২০১৩ চনত নগাঁও নেহৰুবালি ত সৰ্বমুঠ ২৯টা ভাষাত অ' মোৰ আপোনাৰ দেশ পৰিৱেশন হৈছিল। পৰিৱেশনৰ পিছ দিনাই অসম চৰকাৰে 'অ' মোৰ আপোনাৰ দেশ'ক চৰকাৰী ভাৱে জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছিল। এই অনুষ্ঠান নগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান 'পৰিধি' আৰু নৱৰূপ জাতীয় বিদ্যাপীঠৰ উদ্যোগত হৈছিল। জীৱন নৰহৰ কবিতা ভাৰতৰ প্ৰায়বোৰ ভাষালৈ অনুবাদ হোৱাৰ লগতে পলিচ আৰু ইটালী ভাষালৈ কবিতা অনুবাদ হৈছে। তেওঁৰ কবিতাৰ আলোচনা আৰু লেখা THE HINDHU[1], THE BOOK REVIEW OF INDIA[2], THE TELEGRAPH, THE INDIAN LITERATURE, THE INDIA EXPRESS[3], PoetryInternational.com-ৰ লগতে THA OXFORD ANTHOLOGY[4] আৰু PENGUIN ANTHOLOGY,BLOOMSBURY,Frontline, MATRIBHUMIআদিত প্ৰকাশ পাইছে।
বৰ্তমান তেওঁ নগাঁও চহৰৰ শৈক্ষিক অনুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এজন শিক্ষক।