অসমীয়া ভাষাৰ এজন উল্লেখযোগ্য কবি From Wikipedia, the free encyclopedia
জীৱন নৰহ অসমৰ এজন কবি-ঔপন্যাসিক,শিক্ষক তথা সমাজ কৰ্মী। তেওঁ ১৯৭০ চনত গোলাঘাট জিলাৰ মৰঙিয়াল গাঁৱত জন্ম গ্ৰহণ কৰে।
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জীৱন নৰহ | |
---|---|
জন্ম | ১১-৪-৭০ গোলাঘাট |
ৰাষ্ট্ৰীয়তা | ভাৰত |
বংশদ্ভূত | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | বি.এড যোগানন্দদেৱ গোস্বামী কলেজ, বোকাখাত এম.এ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয় |
পেচা | কবি, উপন্যাসিক, শিক্ষক |
দাম্পত্যসঙ্গী | উৎপলা বৰা |
সন্তান | নিনাম নৰহ |
স্বাক্ষৰ | |
তেওঁৰ কবিতাসমূহ দেশী-বিদেশী বহু ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কবিতা উৎসৱ সমূহতো ভাগ লৈ আহিছে। জীৱন নৰহে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা 'অ' মোৰ আপোনাৰ দেশ' ক ৪১টা বিভিন্ন জাতি-জনগোষ্ঠী, দেশী-বিদেশী ভাষালৈ অনুবাদ কৰোৱাৰ আৰু সংগ্ৰহৰ উদ্যোগ লোৱাৰ লগতে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ পৰিবেশনৰ ব্যবস্থা কৰাত আহ্বায়কৰ ভূমিকা পালন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] শুদ্ধ ৰূপত জাতীয় সংগীত পৰিৱেশন কৰাৰ উদ্যোগ লোৱাৰ লগতে বুকুত হাত থৈ জাতীয় সংগীত গোৱাৰ পৰম্পৰা 'অ' মোৰ আপোনাৰ দেশ: সমন্বয় যাত্ৰা 'ৰ ডেৰশবছৰীয়া জয়ন্তী কালতেই প্ৰথম আৰম্ভ কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১৩ চনত নগাঁও নেহৰুবালি ত সৰ্বমুঠ ২৯টা ভাষাত অ' মোৰ আপোনাৰ দেশ পৰিৱেশন হৈছিল। পৰিৱেশনৰ পিছ দিনাই অসম চৰকাৰে 'অ' মোৰ আপোনাৰ দেশ'ক চৰকাৰী ভাৱে জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] এই অনুষ্ঠান নগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান 'পৰিধি' আৰু নৱৰূপ জাতীয় বিদ্যাপীঠৰ উদ্যোগত হৈছিল। জীৱন নৰহৰ কবিতা ভাৰতৰ প্ৰায়বোৰ ভাষালৈ অনুবাদ হোৱাৰ লগতে পলিছ আৰু ইটালী ভাষালৈ কবিতা অনুবাদ হৈছে। তেওঁৰ কবিতাৰ আলোচনা আৰু লেখা কেইবাখনো আগশাৰীৰ বাতৰি-কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।
তেওঁ বৰ্তমান নগাঁওৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এজন শিক্ষক।
আন কবিৰ লগতে জীৱন নৰহৰ কবিতাৰ সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ :
১) বিংশ শতিকাৰ অষ্টম দশকৰ পৰৱৰ্তীকালৰ অসমীয়া আধুনিকতাবাদী কবিতাৰ পটভূমি আৰু গঠন বিচাৰ (জ্ঞান পূজাৰী, সমীৰ তাঁতী, অনুভৱ তুলসী,নীলিম কুমাৰ,জীৱন নৰহৰ কবিতাৰ-বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ, গৱেষক :ড.সুদক্ষণা গগৈ,ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়,অসমীয়া বিভাগ, 2022।
২) Voice from the periphery a study of select poets from North East India, Name of the researchr: Momin Nazina change.w, Guide: Esther Syime, English Department, North East HillUniversity.shillong
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.