চেনি
From Wikipedia, the free encyclopedia
চেনি (ইংৰাজী: Sugar) হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনি খাদ্য হিচাপে ব্যৱহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
চেনিৰ গঠন স্ফটিকাকাৰ, প্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদাৰ্থ। মানুহৰ জিভাত ইয়াক মিঠা সোৱাদৰ অনুভূতি লাভ কৰে। চেনি মূলতঃ হ’ল খাদ্য বস্তুত থকা কাৰ্ব’হাইড্ৰেট (carbohydrate) যি কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। মৰ্টন জাতীয় খাদ্যত চেনি হৈছে মূল উপাদান। যথেষ্ট বেছি পৰিমাণে চেনি গ্ৰহণ কৰিলে মানুহৰ দৃষ্টি শক্তি কমা, দাঁত ক্ষয় যোৱা আদিৰ দৰে বহু ধৰণৰ ৰোগ হ’ব পাৰে। মধুমেহ ৰোগীক চেনি নাখাবলৈ পৰামৰ্শ দিয়া হয়। [1][2]
বিজ্ঞানৰ ভাষাত চেনি হৈছে যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide)। মন’চেকাৰাইড যেনে গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়িনক শক্তি জীৱৰ কোষে আন শক্তিলৈ ৰূপান্তৰিত কৰে।[3]
গ্লুক’জৰ ৰাসায়িনক সূত্ৰ হ’ল C6H12O6।[4]