![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/13/Nutrient-cycle_hg.png/640px-Nutrient-cycle_hg.png&w=640&q=50)
পুষ্টিকাৰক
From Wikipedia, the free encyclopedia
পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য (ইংৰাজী: Nutrient) হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্টিদ্ৰব্য পৰিৱেশৰ পৰাই আহৰণ কৰা হয়।[1] কলাৰ গঠন আৰু পুনৰ নিৰ্মাণ, শৰীৰৰ ক্ৰিয়াসমূহৰ নিয়ন্ত্ৰণ, আৰু শক্তিৰ পৰিবৰ্তন তথা ব্যৱহাৰৰ বাবে পুষ্টিদ্ৰব্যৰ প্ৰয়োজন। প্ৰাণী আৰু উদ্ভিদৰ পুষ্টি আহৰণ প্ৰক্ৰিয়া একে নহয়। উদ্ভিদৰ শিপাই মাটিৰ পৰা আৰু পাতে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে পুষ্টি গ্ৰহণ কৰে। প্ৰাণী আৰু প্ৰটিষ্ট বোৰৰ বিশেষ পাচন তন্ত্ৰই স্থূলপোষকবোৰ ভাঙি শক্তি আহৰণ কৰে আৰু পৰিপাক বা শৰীৰৰ গাঠনিক সংশ্লেষণৰ বাবে সূক্ষ্মপোষকবোৰ ব্যৱহাৰ কৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/13/Nutrient-cycle_hg.png/640px-Nutrient-cycle_hg.png)
শৰ্কৰা, চৰ্বী, প্ৰ'টিন (বা ইহঁতক গঠন কৰা এমিন' এচিড), আৰু ভিটামিন বোৰ হৈছে জৈৱিক পুষ্টিকাৰক। খাদ্য হিচাপে ব্যৱহৃত লৱণ, পানী, আৰু অক্সিজেন আদি অজৈৱিক ৰসায়নসমূহকো কেতিয়াবা পুষ্টিদ্ৰব্য হিচাপে গণ্য কৰা হয়। [2] জীৱই নিজে সংশ্লেষণ কৰিব নোৱাৰা বা অতি কমকৈ উৎপাদন কৰা বাবে বাহ্যক উৎসৰ পৰা আহৰণ কৰিব লগা হোৱা দ্ৰব্যবোৰেই হ'ল অত্যাৱশ্যকীয় পুষ্টিদ্ৰব্য। অতি কম মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক সূক্ষ্মপোষক আৰু অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। পুষ্টিকাৰকৰ ক্ৰিয়াবোৰ ইহঁতৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইহঁতৰ অভাৱক পুষ্টিহীনতা বোলে।[3]