বহুমূত্ৰ ৰোগ
হৰম’নজনিত ৰোগ / From Wikipedia, the free encyclopedia
বহুমূত্ৰ বা মধুমেহ (ইংৰাজী: Diabetes বা Diabetes mellitus) হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানব শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়। এই ৰোগ চিকিৎসাৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ চিকিৎসা বহু দীঘলীয়া। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰণৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ’ব পাৰে।
এই প্ৰবন্ধ বা পৰিচ্ছেদটো সম্পাদকীয় বা মতামতৰ দৰে হৈছে আৰু ইয়াৰ সংশোধনৰ আৱশ্যক হ'ব পাৰে। অনুগ্ৰহ কৰি এই প্ৰবন্ধ বা অনুচ্ছেদটো বিশ্বকোষীয় শৈলীৰে আৰু নিৰপেক্ষভাৱে লিখি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া প্ৰচাৰযন্ত্ৰ নহয় চাওক। |