![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/41/Flag_of_India.svg/langas-640px-Flag_of_India.svg.png&w=640&q=50)
গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত
From Wikipedia, the free encyclopedia
ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ'ত অনুষ্ঠিত হোৱা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহণ সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে।
ক্ষিপ্ৰ তথ্য অলিম্পিক গেমছত ভাৰতবৰ্ষ, আইঅ'চি ক'ড ...
অলিম্পিক গেমছত ভাৰতবৰ্ষ | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||||
২০১৬ গ্ৰীষ্মকালীন অলিম্পিক, ৰিঅ' ডি জেনেৰিঅ'ত | ||||||||||||
প্ৰতিযোগী | ১১৮ জন ১৫ টা ক্ৰীড়াত | |||||||||||
পতাকা বহনকাৰী | অভিনৱ বিন্দ্ৰা[1] | |||||||||||
পদক স্থান: ৬১ |
স্বৰ্ণ ০ |
ৰূপ ১ |
ব্ৰঞ্জ ১ |
মুঠ ২ |
||||||||
অলিম্পিক ইতিহাস | ||||||||||||
গ্ৰীষ্মকালীন গেমছ | ||||||||||||
শীতকালীন গেমছ | ||||||||||||
|
বন্ধ কৰক
ভাৰতীয় অলিম্পিক এছচিয়েছনে ৰিঅ' অলিম্পিকলৈ ৰাষ্ট্ৰখনৰ পৰা সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ (২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক) প্ৰেৰণ কৰিছিল। উক্ত প্ৰতিযোগিতাত ভাৰতে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, মুঠ দুটা পদক অৰ্জন কৰে। বেডমিণ্টনৰ মহিলাৰ একক শাখাত পি. ভি. সিন্ধুয়ে ৰূপৰ পদক আৰু কুস্তিৰ মহিলাৰ ফ্ৰীষ্টাইল ৬৮ কি.গ্ৰা. শাখাত সাক্ষী মালিকে ব্ৰঞ্জৰ পদক লাভ কৰে।