কৰৱা চৌথ (ইংৰাজী: Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশহিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়।[1] কৰৱা চৌথত, বিবাহিত মহিলাসকলে, বিশেষকৈ উত্তৰ ভাৰতত, তেওঁলোকৰ স্বামীসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ুৰ বাবে সূৰ্যোদয়ৰ পৰা চন্দ্ৰ ওলোৱালৈ উপবাস পালন কৰে।[2][3][4] বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে। কৰৱা চৌথ উপবাস পৰম্পৰাগতভাৱে ভাৰতৰ দিল্লী, হাৰিয়ানা, ৰাজস্থান, পঞ্জাব, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশ ৰাজ্যত উদযাপন কৰা হয়।[2][5][6][7] এই উৎসৱ অন্ধ্ৰ প্ৰদেশআটলা টাড্ডে হিচাপে উদযাপন কৰা হয়।[8]

Thumb
কৰৱা চৌথ - বিবাহিত হিন্দু আৰু শিখ মহিলা[1]

ব্যুৎপত্তি আৰু উৎস

‘কৰৱাʼ হৈছে কলহ (পানী ভৰুৱা মাটিৰ কলহ) আৰু ʼচৌথʼৰ অৰ্থ হৈছে 'চতুৰ্থ' (কাৰ্তিক মাহৰ চতুৰ্থ দিনা পূৰ্ণিমাৰ পিছত)[9] এই উৎসৱৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম অংশত আৰু ইয়াক বেছিভাগ উত্তৰ ভাৰতত উদযাপন কৰা দেখা যায়।

উদযাপনৰ নিয়ম

Thumb
উপবাসকৰা মহিলাসকলে এক বৃত্তত সামূহিকভাৱে বহি আছে, কৰৱা চৌথ পূজা কৰোঁতে

এই উৎসৱত, কেৱল বিবাহিত মহিলাসকলে ৰাতিপুৱাৰ পৰা ৰাতি চন্দ্ৰৰ নেদেখালৈ উপবাস পালন কৰে। এই উপবাসৰ উদ্দেশ্য হৈছে স্বামীৰ স্বাস্থ্য, দীৰ্ঘ জীৱন আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা। যেতিয়া চন্দ্ৰ দৃশ্যমান হয়, বিবাহিত মহিলাই প্ৰথমে চালনীৰ মাজেৰে চন্দ্ৰলৈ চায় আৰু তাৰ পিছত চালনীৰ মাজেৰে তেওঁলোকে স্বামীৰ মুখ একেদৰে চায়। তাৰ পিছত মহিলাসকলে স্বামীৰ আৰতি কৰে আৰু স্বামীৰ স্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।[10] পৰম্পৰাগতভাৱে উপবাস কৰা মহিলাগৰাকীয়ে সাধাৰণতে কোনো ঘৰৰ কাম নকৰে।[11] মহিলাসকলে মিলি নিজৰ আৰু ইজনে সিজনৰ হাতত জেতুকাৰ ৰং লগায় আৰু অন্যান্য প্ৰসাধন প্ৰয়োগ কৰে। দিনটো বন্ধু আৰু আত্মীয়ৰ সৈতে লগ পোৱাত পাৰ হয়। যিহেতু গ্ৰাম্য অঞ্চলত খৰিফ শস্য ৰখাৰ পিছতে কৰৱা চৌথে পালন কৰে, সেয়েহে এইটো উৎসৱ উপহাৰ বিনিময়ৰ বাবে এক ভাল সময়। অভিভাৱকে প্ৰায়ে তেওঁলোকৰ বিবাহিত কন্যা আৰু তেওঁলোকৰ সন্তানলৈ উপহাৰ প্ৰেৰণ কৰে। সন্ধিয়া, মহিলাৰ অনুষ্ঠান হয়।[12] অংশগ্ৰহণকাৰীসকলে সুন্দৰ পোছাক, গহনা আদি পিন্ধে (কিছুমান অঞ্চলত)।[12] সনাতন ধৰ্মত (হিন্দু ধৰ্ম) এইটো গুৰুত্ব দিয়া হয় যে এগৰাকী মহিলাই তেওঁৰ স্বামীক সন্মান কৰিব লাগে, স্বামীৰ বিশ্বাসী আৰু সুখ-দুখৰ লগৰী হোৱাটো উচিত। কিছুমান স্বামীয়েও তেওঁলোকৰ পত্নীসকলক তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰিবলৈ কৰৱা চৌথ উপলক্ষে উপবাস পালন কৰে, যদিও এইটো তেওঁলোকৰ ধৰ্মৰ অংশ নহয়।[13]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.