কোচ ৰাজবংশ
১৫১৫–১৯৪৭ / From Wikipedia, the free encyclopedia
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা)[2] কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰ নাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালেই কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। পিছলৈ বংশটো দুভাগ হৈ বেলেগ বেলেগকৈ কোচ বিহাৰৰ আৰু কোচ হাজো শাসন কৰিবলৈ লয়। কোচ বিহাৰ মোগলসকলৰ তলতীয়া হৈ পৰে আৰু কোচ হাজো আহোমৰ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছৰ শাসনত কোচ বিহাৰ তলতীয়া হৈ থাকি ভাৰতৰ স্বাধীনতা লাভৰ পিছত নিঃচিহ্ন হৈ পৰে। খাছপুৰত প্ৰতিষ্ঠা লাভ কৰা ৰাজবংশটোৰ এটা তৃতীয় শাখা কছাৰী ৰাজ্যৰ অন্তৰ্গত হৈ পৰে।
ক্ষিপ্ৰ তথ্য
কোচ ৰাজ্য কোচ ৰাজবংশ | ||||
ৰাজ্য | ||||
| ||||
কোচ বিহাৰৰ পতাকা | ||||
কোচ বিহাৰৰ ঐতিহাসিক মানচিত্ৰ | ||||
ৰাজধানী | Chikana কমতাপুৰ | |||
ভাষা(সমূহ) | অসমীয়া, কমতাপুৰী, সংস্কৃত, বড়ো আদি | |||
ধৰ্ম | হিন্দুধৰ্ম আৰু আন আন | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
মহাৰাজ | বিশ্ব সিংহ | |||
নৰ নাৰায়ণ | ||||
জগদ্দিপেন্দ্ৰ নাৰায়ণ | ||||
কাল | মধ্যযুগীয় ভাৰত | |||
- স্থাপিত | ১৫১৫ | |||
- পতন | ১৯৪৭ | |||
Warning: Value specified for "continent" does not comply |
বন্ধ কৰক